/asomiyapratidin/media/media_files/2025/07/31/web-ap-trump-1-2025-07-31-16-11-04.jpg)
ডিজিটেল ডেস্কঃ ভাৰতক বন্ধু আখ্যা দি এটাৰ পিছত এটাকৈ ভাৰত বিৰোধী স্থিতি গ্ৰহণ কৰি আহিছে আমেৰিকাৰ ৰাষ্ট্ৰপতি ড'নাল্ড ট্ৰাম্পে। অপাৰেচন সিন্দূৰৰ সময়ত ভাৰত আৰু পাকিস্তানৰ মাজৰ সংঘাত দূৰ কৰাৰ কৃতিত্বৰ মুকলি দাবী কৰি অহা ট্ৰাম্পে বিশ্বক উদ্দেশ্যি কৈছিল দুয়ো দেশৰ সৈতে বাণিজ্যিক চুক্তিৰ প্ৰতিশ্ৰুতিৰে তেওঁ এই যুদ্ধৰ অৱসান ঘটাইছে।
সেই ড'নাল্ড ট্ৰাম্পেই পৰৱৰ্তী সময়ত পাকিস্তানৰ লগতে দেশখনৰ সেনাৰ মুৰব্বীকো হোৱাইট হাউচলৈ স্বাগতম জনাইছিল। ভাৰতক বন্ধু আখ্যা দিয়া সেইগৰাকী ট্ৰাম্পে শেহতীয়াকৈ ভাৰতীয় সামগ্ৰীৰ ওপৰত ২৫ শতাংশ শুল্ক আৰোপ কৰিছে আৰু ভাৰত বিৰোধী একাধিক স্থিতি গ্ৰহণ কৰিছে।
প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোডীক পৰম মিত্ৰ আখ্যা দিয়ে ট্ৰাম্পে ভাৰতৰ বিৰুদ্ধে ২৫ শতাংশ শুল্ক আৰোপ কৰাৰ এই সময়তে পাকিস্তানৰ সৈতে গঢ়ি তুলিছে মধুৰ সম্পৰ্ক। যিসময়ত ভাৰতৰ বিৰুদ্ধে ২৫ শতাংশ শুল্ক আৰোপ কৰিছে ঠিক সেই সময়তে পাকিস্তানৰ সৈতে একেলগে কাম কৰাৰ প্ৰতিশ্ৰুতি দিছে।
তেওঁ সামাজিক মাধ্যমত কয় যে, ৱাশ্বিংটন আৰু ইছলামাবাদে একেলগে পাকিস্তানৰ বিশাল তেল ভাণ্ডাৰৰ বিকাশৰ বাবে কাম কৰিব। এখোজ আগুৱাই গৈ তেওঁ দাবী কৰিছে এসময়ত পাকিস্তানে ভাৰতক তেল বিক্ৰী কৰিব পাৰিব।
বুধবাৰে ট্ৰাম্পে ছ’চিয়েল মিডিয়াত উল্লেখ কৰা অনুসৰি পাকিস্তানৰ তৈল ভাণ্ডাৰৰ বাবে একেলগে কাম কৰিব দুয়োখন দেশে। এই সম্পৰ্কীয় এক চুক্তিও স্বাক্ষৰ কৰিছে দুয়োখন দেশে। ট্ৰাম্পে দাবী কৰি কয় যে কোনে জানে, হয়তো পাকিস্তানে এদিন ভাৰতক তেল বিক্ৰী কৰিব।
একেটা পোষ্টতে ট্ৰাম্পে এই কথাও কয় যে, তেওঁৰ প্ৰশাসনে সিদ্ধান্ত ল’ব কোনটো তেল নিষ্কাশন কোম্পানীয়ে দুয়োখন দেশৰ মাজত এই বুজাবুজিৰ নেতৃত্ব দিব। ভাৰতীয় সময় অনুসৰি বুধবাৰে বিয়লি ভাৰতৰ ওপৰত শুল্ক আৰোপ কৰাৰ কথা ঘোষণা কৰে ট্ৰাম্পে।
ট্ৰাম্পে ভাৰতক “বন্ধু দেশ” বুলি উল্লেখ কৰি শুল্ক নীতি ঘোষণা কৰি এই বুলিও দাবী কৰে যে নতুন দিল্লীয়ে আমেৰিকাৰ পৰা অধিক হাৰত শুল্ক আদায় কৰি আহিছে। ট্ৰাম্পৰ এই অভিযোগ নতুন নহয়। ভাৰত-আমেৰিকাৰ বাণিজ্য সন্দৰ্ভত তেওঁ ইয়াৰ পূৰ্বেও কেইবাবাৰো একেধৰণৰ মন্তব্য কৰিছে।
পাকিস্তানৰ সৈতে ঘনিষ্ঠতা এইদৰে বৃদ্ধি কৰি আকৌ ভাৰত-ৰাছিয়াৰ সম্পৰ্কক কেন্দ্ৰ কৰি অসন্তুষ্টি প্ৰকাশ কৰিছে ড'নাল্ড ট্ৰাম্পে।তেওঁ ভাৰত-ৰাছিয়াৰ মাজৰ বাণিজ্যক লৈ অসন্তুষ্টি প্ৰকাশ কৰি ভাৰতে ৰাছিয়াৰ পৰা অস্ত্ৰ-শস্ত্ৰ আৰু ইন্ধন ক্ৰয় কৰাৰ কথা উল্লেখ কৰিছে।
ইয়াৰ বাবেই তেওঁ ভাৰতৰ ওপৰত ২৫ শতাংশ শুল্ক আৰোপ কৰাৰ লগতে জৰিমণাও আৰোপ কৰিব বুলি ঘোষণা কৰিছে। কিন্তু সেই জৰিমণা কি হ’ব সেই সন্দৰ্ভত তেওঁ একো উল্লেখ কৰা নাই।
ট্ৰাম্পৰ পাকিস্তান প্ৰীতিৰ সন্দৰ্ভত ভাৰত চৰকাৰে এতিয়ালৈকে আনুষ্ঠানিকভাৱে কোনো কথা উল্লেখ কৰা নাই। অৱশ্যে ভাৰতে ২৫ শতাংশ শুল্ক আৰোপ কৰাৰ সন্দৰ্ভত নিজা স্থিতি ঘোষণা কৰিছে।
ভাৰতৰ বাণিজ্য মন্ত্ৰালয়ে এক বিবৃতি প্ৰকাশ কৰি কয় যে ভাৰত চৰকাৰে দেশৰ স্বাৰ্থ ৰক্ষাৰ বাবে প্ৰয়োজনীয় সকলো পদক্ষেপ গ্ৰহণ কৰিব। বিবৃতিটোত উল্লেখ কৰা হৈছে যে বিগত কেইমাহমানৰ পৰা আমেৰিকাৰ সৈতে দুয়োখন দেশৰ লাভৱান হ’ব পৰা বাণিজ্যিক চুক্তিৰ বাবে আলোচনা চলি আছে।