ডিজিটেল ডেস্কঃ "ভাৰত আৰু ব্ৰাজিলে যদি নিজৰ উচ্চ শুল্ক নীতি অব্যাহত ৰাখে তেন্তে আমেৰিকাও একেধৰণৰ পদক্ষেপ ল’বলৈ বাধ্য হ’ব"- এই মন্তব্য আমেৰিকাৰ ৰাষ্ট্ৰপতি ড'নাল্ড ট্ৰাম্পৰ। চীনৰ সৈতে হোৱা বাণিজ্যিক চুক্তি সন্দৰ্ভত এক প্ৰশ্নৰ উত্তৰত ট্ৰাম্পে কয় যে ভাৰতে প্ৰায় সকলো বস্তুতে কৰ আৰোপ কৰে, কিন্তু আমেৰিকাই নকৰে।
উল্লেখ কৰা প্ৰয়োজন যে, ভাৰতে কৃষিজাত সামগ্ৰী, অটোমোবাইল আৰু প্ৰযুক্তিকে ধৰি বিভিন্ন সামগ্ৰীৰ ওপৰত উচ্চ শুল্ক আৰোপ কৰিছে। আমেৰিকা আৰু চীনৰ মাজত বাণিজ্যিক উত্তেজনা বৃদ্ধি পোৱাৰ সময়তে এই মন্তব্য কৰে ট্ৰাম্পে।
তেওঁ লগতে কয়, দিল্লীয়ে যদি ১০০% শুল্ক আৰোপ কৰে তেন্তে আমি কিয় একে কাম নকৰো? আমেৰিকাই ভাৰতৰ দৰে কেতিয়াও উচ্চ শুল্ক আৰোপ কৰা নাই, আৰু এই পৰিস্থিতিয়ে ভাৰসাম্যহীনতাৰ সৃষ্টি কৰিছে।
উল্লেখ্য যে, ট্ৰাম্পৰ এই বক্তব্য সেই দেশসমূহৰ বাবে চিন্তাৰ বিষয় হ’ব পাৰে যিবোৰে নিজৰ বাণিজ্যিক স্বাৰ্থ ৰক্ষাৰ বাবে উচ্চ শুল্ক নীতি অনুসৰণ কৰিছে। তেওঁৰ মতে আমেৰিকাৰ অৰ্থনীতি ৰক্ষা কৰাৰো তেওঁৰ সম্পূৰ্ণ অধিকাৰ আছে।
ইফালে ট্ৰাম্পৰ এই মন্তব্যৰ পাছতে বিশেষজ্ঞসকলে কয় যে, ট্ৰাম্পৰ এই বক্তব্যই ভাৰত আৰু ব্ৰাজিলৰ সৈতে আমেৰিকাৰ বাণিজ্যিক সম্পৰ্কত প্ৰভাৱ পেলাব পাৰে। আমেৰিকা চৰকাৰৰ "আমেৰিকা প্ৰথম" নীতিৰ অংশ হিচাপে ট্ৰাম্পে বাৰে বাৰে দেশসমূহৰ সৈতে বাণিজ্যিক ভাৰসাম্যহীনতাক লৈ প্ৰশ্ন উত্থাপন কৰি আহিছে।