Advertisment

আমেৰিকাৰ ৪৭ সংখ্যক ৰাষ্ট্ৰপতি হিচাপে ড’নাল্ড ট্ৰাম্পৰ শপতগ্ৰহণ : প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোডীৰ শুভেচ্ছা...

নৱনিৰ্বাচিত ৰাষ্ট্ৰপতিগৰাকীক শপত বাক্য পাঠ কৰায় আমেৰিকা উচ্চতম ন্যায়ালয়ৰ মুখ্য ন্যায়াধীশ জাষ্টিচ জন ৰাবাৰ্টছে। ৰাষ্ট্ৰপতিগৰাকীৰ এই শপতগ্ৰহণ অনুষ্ঠানত প্ৰাক্তন ৰাষ্ট্ৰপতি জৰ্জ বুশ্ব, বাৰাক অবামা, এলন মাস্ক, মাৰ্ক জুকাৰবাৰ্গ, মুকেশ আম্বানি উপস্থিত থাকে...

author-image
Asomiya Pratidin
আপডেট কৰা হৈছে
New Update
আমেৰিকাৰ ৪৭ সংখ্যক ৰাষ্ট্ৰপতি হিচাপে ড’নাল্ড ট্ৰাম্পৰ শপতগ্ৰহণ

আমেৰিকাৰ ৪৭ সংখ্যক ৰাষ্ট্ৰপতি হিচাপে ড’নাল্ড ট্ৰাম্পৰ শপতগ্ৰহণ

ডিজিটেল ডেস্ক : প্ৰচণ্ড শীতক নেওচি ৱাশ্বিংটন ডি চিৰ কেপিটেল ৱান এৰেনা ইনড’ৰ ষ্টেডিয়ামত সোমবাৰে নিশা ১০-৩০ বজাত আমেৰিকাৰ ৪৭ সংখ্যক ৰাষ্ট্ৰপতি হিচাপে ড’নাল্ড ট্ৰাম্পে শপত লয়। আব্ৰাহাম লিংকনে ব্যৱহাৰ কৰা বাইবেল আৰু ট্ৰাম্পক মাতৃয়ে দি যোৱা বাইবেলত হাত থৈ ৰিপাব্লিকান ৰাষ্ট্ৰপতিজনে দায়িত্ব আৰু গোপনীয়তাৰ শপত লয়।

Advertisment

নৱনিৰ্বাচিত ৰাষ্ট্ৰপতিগৰাকীক শপত বাক্য পাঠ কৰায় আমেৰিকা উচ্চতম ন্যায়ালয়ৰ মুখ্য ন্যায়াধীশ জাষ্টিচ জন ৰাবাৰ্টছে। ৰাষ্ট্ৰপতিগৰাকীৰ এই শপতগ্ৰহণ অনুষ্ঠানত প্ৰাক্তন ৰাষ্ট্ৰপতি জৰ্জ বুশ্ব, বাৰাক অবামা, এলন মাস্ক, মাৰ্ক জুকাৰবাৰ্গ, মুকেশ আম্বানি উপস্থিত থাকে। ইয়াৰ উপৰি দলীয় সতীৰ্থ, মাৰ্কিন শীৰ্ষস্থানীয় চৰকাৰী বিষয়া আদিকে ধৰি ভালেসংখ্যক অভ্যাগত উপস্থিত থাকে তেওঁৰ এই অনুষ্ঠানত।

ট্ৰাম্পে শপতগ্ৰহণ কৰিয়েই প্ৰায় ১০০টা গুৰুত্বপূৰ্ণ সিদ্ধান্ত বলৱৎকৰণৰ বাবে নিৰ্দেশ দিব আৰু ইয়াৰ বাবে সকলো প্ৰস্তুতি সম্পূৰ্ণ হোৱাৰ কথা অৱগত কৰে। তেওঁ কয় যে প্ৰথমে আমেৰিকা- মেক্সিকো সীমান্তত জৰুৰী অৱস্থা ঘোষণা কৰা হ’ব। ড্ৰাগছ সৰবৰাহকাৰীক সন্ত্ৰাসবাদী হিচাপে গন্য কৰা হ’ব বুলি ট্ৰাম্পে ঘোষণা কৰে।

ট্ৰাম্পে শপত লোৱাৰ লগে লগে যুদ্ধবাজ আমেৰিকা যুক্তৰাষ্ট্ৰৰ উদ্যোগত এটা নতুন ধাৰাৰ সূচনা হ’ল বুলি ব্যাপক আশাৰ সঞ্চাৰ হৈছে। শপতগ্ৰহণৰ পূৰ্বে ৱাশ্বিংটনৰ বিজয় সভাত ট্ৰাম্পে কয়- আমেৰিকাই প্ৰতিটো ঐতিহাসিক সমস্যাৰ ঐতিহাসিক গতি আৰু শক্তিৰে সমাধান হ’ব। সৰ্যাস্তৰ পূৰ্বে দেশখনৰ ওপৰত বন্ধ হ’ব বাহিৰৰ পৰা চলা আক্ৰমণ। 

ট্ৰাম্পে ঘোষণা কৰে যে পশ্চিম এছিয়াত ইজৰাইল আৰু পেলেষ্টাইনীৰ মাজৰ যুদ্ধ আৰু ৰাছিয়া- ইউক্ৰেইনৰ যুদ্ধ বন্ধ কৰি অস্থিৰতা দূৰ কৰা হ’ব। লগতে তেওঁ কয়- আমেৰিকাত প্ৰৱেশ কৰা অপৰাধ চক্ৰসমূহক কঠোৰ হাতেৰে দমন কৰা হ’ব আৰু মেক্সিকো সীমান্তত অনুপ্ৰৱেশ আৰু চোৰাং কাৰবাৰ ৰোধৰ বাবে জৰুৰী পৰিস্থিতি জাৰি কৰা হ’ব।

তাৰোপৰি তৃতীয় লিংগক অস্বীকাৰ কৰে নৱনিৰ্বাচিত ৰাষ্ট্ৰপতি ড’নাল্ড ট্ৰাম্পে। তেওঁ ঘোষণা কৰে যে এতিয়াৰে পৰা আমেৰিকাত মাত্ৰ দুটা লিংগ থাকিব। পুৰুষ আৰু মহিলা। তৃতীয় লিংগ বিলুপ্ত কৰা হৈছে। চৰকাৰী নীতি অনুসৰি এতিয়াৰে পৰা মাত্ৰ দুটা লিংগ আছে - পুৰুষ আৰু মহিলা। 

তেওঁ কয়- মই সকলো চৰকাৰী চেঞ্চৰশ্বিপ তৎক্ষণাৎ সমাপ্ত কৰিবলৈ আৰু আমেৰিকাত মত প্ৰকাশৰ স্বাধীনতা ঘূৰাই আনিবলৈ এক কাৰ্যবাহী আদেশত স্বাক্ষৰ কৰিম। আজিৰ পৰা আৰম্ভ হ'বলগীয়া এই আদেশ মৰ্মে আমেৰিকা যুক্তৰাষ্ট্ৰৰ চৰকাৰৰ চৰকাৰী নীতি হ'ব যে মাত্ৰ দুটা লিংগ থাকিব- পুৰুষ আৰু মহিলা।

ইফালে ট্ৰাম্পৰ এই শুভ ক্ষণত ভাৰতৰ প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোডীয়েও শুভেচ্ছা জ্ঞাপন কৰে। প্ৰধানমন্ত্ৰীগৰাকীয়ে টুইটাৰযোগে কয় - “আমেৰিকাৰ ৪৭ সংখ্যক ৰাষ্ট্ৰপতি হিচাপে শপত গ্ৰহণ কৰাৰ বাবে মোৰ প্ৰিয় বন্ধু ড’নাল্ড ট্ৰাম্পক অভিনন্দন। আমাৰ দুয়োখন দেশৰ হিত আৰু বিশ্বৰ উন্নত ভৱিষ্যত গঢ় দিয়াৰ বাবে পুনৰ এবাৰ একেলগে কাম কৰিবলৈ আগ্ৰহী। আগন্তুক কাৰ্যকালৰ সফলতাৰ বাবে শুভকামনা।”

donald trump