/asomiyapratidin/media/media_files/2025/04/05/jZQqJkgqBzSQvUvWyNnd.jpg)
এনএছএৰ সঞ্চালকক বৰ্খাস্ত
ডিজিটেল ডেস্ক: আমেৰিকাৰ ৰাষ্ট্ৰীয় নিৰাপত্তা সংস্থাৰ সঞ্চালক তথা চাৰি তাৰকা জেনেৰেল টিমথি হগক বৰ্খাস্ত কৰিলে ৰাষ্ট্ৰপতি ড’নাল্ড ট্ৰাম্পে। ল’ৰা লুমাৰ নামৰ এগৰাকী সোঁপন্থী কৰ্মীয়ে ট্ৰাম্পৰ এজেণ্ডাৰ সৈতে মিল নথকা বিষয়াসকলক অপসাৰণ কৰাৰ দাবী জনোৱাৰ কিছু সময়ৰ পিছতে এই ব্যৱস্থা গ্ৰহণ কৰা হৈছে। ট্ৰাম্পৰ এই কঠোৰ সিদ্ধান্তই কেৱল আমেৰিকাতে নহয়, বিশ্ব ৰাজনীতিত আলোড়নৰ সৃষ্টি কৰিছে।
জেনেৰেল টিমোথি হগৰ চাইবাৰ আৰু চোৰাংচোৱা জগতত ৩৩ বছৰীয়া অভিজ্ঞতাৰে পুষ্ট এগৰাকী বিষয়া আছিল। তেওঁ বিভিন্ন সময়ত ট্ৰাম্পৰ সমালোচা কৰি আহিছে। যাৰবাবে ট্ৰাম্পে তেওঁক প্ৰাক্তন জেনেৰেল মাৰ্ক মিলীৰ ঘনিষ্ঠ বুলি সন্দেহ কৰি আহিছে। অৱশ্যে এতিয়ালৈকে তেওঁক চাকৰিৰ পৰা বৰ্খাস্ত কৰাৰ কোনো আনুষ্ঠানিক কাৰণ দিয়া হোৱা নাই। ইয়াৰ আঁৰত ল’ৰা লুমাৰৰ দৰে বাহিৰৰ মানুহৰ প্ৰভাৱ থকা বুলি অনুমান কৰিছে একাংশ লোকে।
ইয়াৰ উপৰিও হগৰ ডেপুটি ৱেণ্ডী নোবেলকো পদৰ পৰা অপসাৰণ কৰিছে ট্ৰাম্পে। ট্ৰাম্পৰ ঘনিষ্ঠ তথা অনুৰাগীসকলে বিশ্বাস কৰে যে, যিসকল বিষয়া তেওঁৰ মতাদৰ্শৰ প্ৰতি আনুগত্যশীল নহয়, তেওঁলোক আমেৰিকাৰ “মহানত্ব”ৰ ক্ষেত্ৰত বাধাৰ কাৰক। ইফালে, আমেৰিকাৰ দৰে এখন দেশৰ ৰাষ্ট্ৰীয় নিৰাপত্তাৰ দৰে স্পৰ্শকাতৰ প্ৰতিষ্ঠানত ৰাজনৈতিক আনুগত্যৰ ভিত্তিত সিদ্ধান্ত লোৱাটো অত্যন্ত চিন্তনীয় বিষয় হৈ পৰিছে। লগতে সমগ্ৰ বিষয়টোৱে বিশ্বজুৰি ব্যাপক চৰ্চা লাভ কৰিছে।