ভাৰতৰ সৈতে বৃহৎ বাণিজ্যিক চুক্তি কৰিবলৈ সাজু আমেৰিকা...

শীঘ্ৰেই ভাৰতৰ সৈতে এক বৃহৎ বাণিজ্যিক চুক্তি সম্পন্ন কৰিবলৈ আগবাঢ়িছে আমেৰিকা। মাৰ্কিন ৰাষ্ট্ৰপতিগৰাকীয়ে নিজেই এই কথা সদৰি কৰিছে। ইতিপূৰ্বে চীনৰ সৈতে সম্পন্ন কৰিছে চুক্তি।

author-image
Asomiya Pratidin
New Update
ভাৰতৰ সৈতে বৃহৎ বাণিজ্যিক চুক্তি কৰিবলৈ সাজু আমেৰিকা...

ডিজিটেল ডেস্কঃ  ভাৰতৰ সৈতে এক বৃহৎ বাণিজ্যিক চুক্তি সম্পন্ন কৰিবলৈ আগবাঢ়িছে আমেৰিকা। মাৰ্কিন ৰাষ্ট্ৰপতিগৰাকীয়ে নিজেই এই কথা সদৰি কৰিছে। উল্লেখ্য যে, শেহতীয়াকৈ আমেৰিকাই চীনৰ সৈতে বাণিজ্যিক চুক্তি সম্পন্ন কৰিছে। তাৰ পিছত এইবাৰ ভাৰতৰ সৈতে চুক্তি সম্পন্ন কৰিবলৈ আগবাঢ়িছে আমেৰিকা। 

Advertisment

বৃহস্পতিবাৰে হোৱাইট হাউছত বিগ বিউটিফুল ইভেণ্টনামৰ এক অনুষ্ঠানত অংশগ্ৰহণ কৰি ট্ৰাম্পে এই কথা ঘোষণা কৰিছে। ভাষণত ট্ৰাম্পে কয়, "সকলোৱে আমাৰ সৈতে চুক্তি কৰিব বিচাৰে। ভাবি চাওকচোন, কেইমাহমানৰ পূৰ্বে সংবাদ মাধ্যমে কৈছিল, আমেৰিকাৰ সৈতে বাণিজ্যিক চুক্তি কৰিবলৈ কোনোবা দেশ আগ্ৰহী হৈ আছেনে? মই তেওঁলোকক সোঁৱৰাই দিব বিচাৰো, আমি যোৱা সময়ত চীনৰ সৈতে চুক্তিবদ্ধ হ'লোঁ। আমি আন এটা ডাঙৰ চুক্তি কৰিবলৈ ওলাইছো, সম্ভৱতঃ ভাৰতৰ সৈতে। ই বৃহৎ, বৃহৎ চুক্তি হ'ব।"

 উল্লেখ্য যে, দ্বিতীয়বাৰৰ বাবে হোৱাইট হাউছত প্ৰৱেশৰ পিছতে ডনাল্ড ট্ৰাম্পে নতুন শুল্ক নীতি ঘোষণা কৰিছিল। এই শুল্ক নীতিৰ প্ৰভাৱ পৰিছিল ভাৰততো। অৱশ্যে আমেৰিকাৰ নতুন শুল্ক নীতি কাৰ্যকৰী হোৱাৰ পিছতো ভাৰতৰ সৈতে হোৱা আলোচনাৰ অন্তত ভাৰতত ক্ষেত্ৰত প্ৰাৰম্ভিকভাৱে ৯০ দিনৰ বাবে সেই নতুন শুল্ক নীতি স্থগিত ৰখা হয়।

 

এই সময়সীমা ৮ জুলাইত শেষ হ। সেয়েএই সময়ছোৱাত দুয়োখন দেশৰ শীৰ্ষ বিষয়াসকল বাৰে বাৰে বৈঠকত মিলিত হৈ বাণিজ্য সম্পৰ্কে নতুন পথৰ সন্ধান অব্যাহত ৰাখিছে। জানিব পৰা মতে বিগত চাৰিদিন বন্ধ কোঠালিত দুয়ো দেশৰ বিষয়াৰ মাজত গভীৰ আলোচনা চিলিছে। তাৰ মাজতেই ট্ৰাম্পৰ এই ভাষ্যই সেই আলোচনা সফল হোৱাৰ ইংগিত বহন কৰিছে।

 

ট্ৰাম্পে উল্লেখ কৰা মতে সকলো দেশৰ সৈতে বাণিজ্য নীতিৰ সন্দৰ্ভত এইদৰে আলোচনা কৰা নহব। কেৱল চিঠিৰ জৰিয়তেই তেওঁলোকৰ স্থিতি স্পষ্ট কৰিব। দেশ অনুসৰি ২৫ ৰ পৰা ৪৫ শতাংশ কৰ দিব লাগিব।

 

চীনৰে সম্পন্ন হোৱা বাণিজ্য চুক্তি অনুসৰি বেইজিঙে আমেৰিকাৰ সামগ্ৰীৰ ওপৰত ১০ শতাংশ কৰ আৰোপ কৰিব আৰু আমেৰিকাই চীনৰ সকলো সামগ্ৰীৰ ওপৰত ৫৫ শতাংশ কৰ আৰোপ কৰিব। অৱশ্যে ভাৰতৰ ক্ষেত্ৰত এই কৰ কিমান শতাংশ হব সেয়া এতিয়াও স্পষ্ট নহয়। ট্ৰাম্পে কোৱাৰ দৰে সঁচাই এক বৃহৎ চুক্তি হবনে, এই চুক্তিৰ পৰা ভাৰত কিদৰে লাভাৱান হব সেই বিষয়ে অৱশ্যে পৰৱৰ্তী সময়তহে জানিব পৰা যাব।

 

চীন আমেৰিকা ড'নাল্ড ট্ৰাম্প