/asomiyapratidin/media/media_files/2025/06/17/xTMmAqEu2NVwd0xogFzC.jpg)
ডিজিটেল ডেস্কঃ G7 চামিটত অংশ লবলৈ কানাডাত উপস্থিত হৈছিলগৈ ভাৰতৰ প্ৰধানমন্ত্ৰীৰ লগতে বিশ্বৰ আন ৭খন দেশৰ ৰাষ্ট্ৰ প্ৰধানসকল। কিন্তু এই বৈঠক আৰম্ভ হোৱাৰ পূৰ্বেই কানাডা এৰিলে মাৰ্কিন ৰাষ্ট্ৰপতি ডনাল্ড ট্ৰাম্পে। ট্ৰাম্পৰ তৰফৰ পৰা ঘোষণা কৰা হল যে, এইবাৰৰ বৈঠকত উপস্থিত নাথাকে তেও। যাৰ বাবে এদিনৰ পূৰ্বেই তেও পুনৰ উভতিব আমেৰিকালৈ।
G7 চামিটত উপস্থিত নথকাৰ কাৰণ সাংবাদিকে ট্ৰাম্পৰ এগৰাকী উপদেষ্টাক সোধাত তেও কয় যে, কিছু জৰুৰী বিষয়ত আলোকপাত কৰিবলৈ তেও এই সিদ্ধান্ত গ্ৰহণ কৰিছে। কিন্তু কূটনৈতিক বিশ্লেষকসকলে মত ব্যক্ত কৰিছে যে, ইৰাণ আৰু ইজৰাইলৰ মাজত চলি থকা যুদ্ধ আৰু কিছু কূটনৈতিক কাৰণতে ট্ৰাম্পে এই বৈঠকখনত উপস্থিত থাকিব বিচৰা নাই।
ইফালে এই বৈঠকৰ পূৰ্বেই ট্ৰাম্পে তেহৰাণ খালী কৰাৰ নিৰ্দেশ প্ৰদান কৰিছিল। অৱশ্যে কিয় এই নিৰ্দেশ ট্ৰাম্পে দিলে তাৰ আৰৰ কাৰণ তেও ব্যক্ত কৰা নাই। ইফালে ট্ৰাম্পে এই বৈঠকখনত উপস্থিত নথকাৰ আৰত অন্য এক কাৰণো তেও বক্তব্যতে ফুটি উঠিছে।
ট্ৰাম্পে কয় যে, ১১বছৰৰ পূৰ্বে ৰাছিয়াক এই G8ৰ পৰা উলিয়াই দিয়াতো আছিল এক ভুল সিদ্ধান্ত। যদিহে ৰাছিয়াক উলিয়াই নিদিলে হয়, তেন্তে আজি ইউক্ৰেইনৰ সৈতে যুদ্ধ নহলহেতেন। এনে ভিন্ন কাৰণতে হয়তো G7ৰ বৈঠকত উপস্থিত নাথাকিল ট্ৰাম্প।