ভাৰতৰ সৈতে বাণিজ্যিক চুক্তিৰ বাবে সাজু আমেৰিকাঃ বাংলাদেশ, ম্যানমাৰকে ধৰি ১৪ দেশলৈ পত্ৰ প্ৰেৰণ...

আমেৰিকাৰ ৰাষ্ট্ৰপতি ড’নাল্ড ট্ৰাম্পে ভাৰতৰ সৈতে সাম্ভাব্য বাণিজ্যিক চুক্তি সন্দৰ্ভত বাৰ্তা প্ৰেৰণ কৰিছে। তেওঁ কয়, ভাৰতৰ সৈতে আমেৰিকাৰ বাণিজ্যিক চুক্তি প্ৰায় চূড়ান্ত।

author-image
Asomiya Pratidin
New Update
ভাৰতৰ সৈতে বাণিজ্যিক চুক্তিৰ বাবে সাজু আমেৰিকাঃ বাংলাদেশ, ম্যানমাৰকে ধৰি ১৪ দেশলৈ পত্ৰ প্ৰেৰণ...

ডিজিটেল ডেস্কঃ আমেৰিকা যুক্তৰাষ্ট্ৰৰ ৰাষ্ট্ৰপতি ড’নাল্ড ট্ৰাম্পে ভাৰতৰ সৈতে সাম্ভাব্য বাণিজ্যিক চুক্তি সন্দৰ্ভত বাৰ্তা প্ৰেৰণ কৰিছে। তেওঁ কয় যে, ভাৰতৰ সৈতে আমেৰিকাৰ বাণিজ্যিক চুক্তি প্ৰায় চূড়ান্ত হৈছে। ভাৰতীয় সময় অনুসৰি সোমবাৰে নিশা ১৪খন দেশলৈ নতুন শুল্ক হাৰৰ বিষয়ে অৱগত কৰি ট্ৰাম্পে পত্ৰ প্ৰেৰণ কৰিছে। এই তালিকাত ভাৰতৰ চুবুৰীয়া দুখন দেশ বাংলাদেশ আৰু ম্যানমাৰকো অন্তৰ্ভুক্ত কৰা হৈছে। 

Advertisment

সোমবাৰে হোৱাইট হাউছত ইজৰাইলৰ প্ৰধানমন্ত্ৰী বেঞ্জামিন নেতানিয়াহুৰ সৈতে নিশাৰ আহাৰ গ্ৰহণ কৰে ট্ৰাম্পে। তাতেই সাংবাদিকৰ সৈতে কথা পতাৰ সময়ত ট্ৰাম্পে নতুন দিল্লী-ৱাশ্বিংটনৰ বাণিজ্যিক চুক্তিৰ সন্দৰ্ভতো মন্তব্য কৰে। 

ট্ৰাম্পে কয়, "আমি ভাৰতৰ সৈতে চুক্তি চূড়ান্ত কৰাৰ কাষ চাপিছো। ইতিমধ্যে আমি ব্ৰিটেইনৰ সৈতে চুক্তি চূড়ান্ত কৰিছো। চীনৰ সৈতে আমাৰ চুক্তি হৈছে।" 

আমেৰিকাৰ বাণিজ্যিক মিত্ৰ দেশসমূহৰ সৈতে আলোচনা ইতিমধ্যে আগবাঢ়িছে বুলি ট্ৰাম্পে দাবী কৰে। তেওঁ কয়, যদিহে বাকী দেশসমূহে আমেৰিকাৰ চৰ্ত পূৰণ নকৰে তেন্তে তেওঁলোকক নতুন শুল্ক জাননী দিয়া হ’ব।

যিবোৰ দেশলৈ ট্ৰাম্পে শুল্ক নীতি সন্দৰ্ভত পত্ৰ প্ৰেৰণ কৰিছে,  সেইবোৰ দেশৰ আমেৰিকাৰ সৈতে কোনো বাণিজ্যিক চুক্তি নাই। সেইবাবেই হোৱাইট হাউছে সেই দেশসমূহলৈ নিজৰ সিদ্ধান্তৰ পত্ৰ প্ৰেৰণ কৰিছে। সেই কথাও স্পষ্ট কৰি দিছে ট্ৰাম্পে। 

উল্লেখ্য যে, পূৰ্বে ট্ৰাম্পে চীনৰ সৈতে বাণিজ্যিক চুক্তি চূড়ান্ত কৰাৰ সময়ত ভাৰতৰ সৈতে সম্ভাৱ্য চুক্তিৰ ওপৰত মন্তব্য কৰিছিল। চীনৰ পিছত আমেৰিকাই ভাৰতৰ সৈতে বাণিজ্যিক চুক্তি বন্ধ কৰিব পাৰে বুলিও তেওঁ ইংগিত দিছিল। অৱশ্যে সেয়া এতিয়াও হোৱা নাই।

দৰাচলতে সোমবাৰে নিশাৰ পৰা ট্ৰাম্পে বাংলাদেশকে ধৰি ১৪খন দেশলৈ পত্ৰ প্ৰেৰণ কৰিছে। এই তালিকাত জাপান, দক্ষিণ কোৰিয়া, বছনিয়া, থাইলেণ্ড, কম্বোডিয়া, ছাৰ্বিয়া, ইণ্ডোনেছিয়া, টিউনিছিয়া, ম্যানমাৰ, লাওছ, দক্ষিণ আফ্ৰিকা, কাজাখস্তান আৰু মালয়েছিয়া আদি অন্তৰ্ভুক্ত কৰা হৈছে। 

ট্ৰাম্পে প্ৰতিখন দেশলৈ প্ৰায় একে বিষয়বস্তুৰে চিঠি প্ৰেৰণ কৰিছে। পত্ৰখনত তেওঁ ১ আগষ্টৰ পৰা আমেৰিকাৰ বজাৰত সেই দেশসমূহৰ সামগ্ৰীৰ ওপৰত কিমান শতাংশ শুল্ক আৰোপ কৰা হ’ব সেই বিষয়ে অৱগত কৰিছে। তেওঁ লগতে কয় যে যদি সংশ্লিষ্ট দেশসমূহে কোনো ধৰণৰ শুল্ক ঘোষণা কৰে তেন্তে আমেৰিকাইও শুল্কৰ পৰিমাণ বৃদ্ধি কৰিব।

সোমবাৰে হোৱাইট হাউছত ভাৰত-আমেৰিকাৰ বাণিজ্যিক চুক্তি সন্দৰ্ভত মন্তব্য কৰাৰ সময়ত ট্ৰাম্পে এই সন্দৰ্ভত বিতংভাৱে কোৱা নাই। তেওঁ দাবী কৰে যে নতুন দিল্লী আৰু ৱাশ্বিংটনৰ মাজৰ চুক্তি প্ৰায় চূড়ান্ত পৰ্যায়ত উপনীত হৈছে। 

অৱশ্যে এই সন্দৰ্ভত ট্ৰাম্পে আৰু কোনো মন্তব্য নকৰিলে। ভাৰত আৰু আমেৰিকাৰ মাজত দ্বিপাক্ষিক বাণিজ্যিক চুক্তিৰ আলোচনা দীৰ্ঘদিন ধৰি চলি আহিছে। ভাৰতৰ পৰা উভতি আহিছে আমেৰিকাৰ প্ৰতিনিধি দলটো। 

ভাৰতীয় প্ৰতিনিধি দলটোও আমেৰিকালৈ গৈছে। বৰ্তমান আলোচনাৰ বাবে ৱাশ্বিংটনত আছে এটা প্ৰতিনিধি দল। শেহতীয়াকৈ সূত্ৰই জনোৱা মতে, বাণিজ্যৰ কেইবাটাও ক্ষেত্ৰত দুয়োখন দেশৰ মাজত একমত হ’লেও কৃষিজাত সামগ্ৰীকে ধৰি কিছুমান ক্ষেত্ৰত আমদানি শুল্কৰ ক্ষেত্ৰত মতানৈক্য আছে। 

অৱশ্যে ভাৰতৰ বৈদেশিক মন্ত্ৰী এছ জয়শংকৰে কিছুদিন পূৰ্বে এক সাক্ষাৎকাৰত স্পষ্ট কৰি দিছিল যে এই বাণিজ্যিক চুক্তিক লৈ ভাৰত আশাবাদী।

আমেৰিকা যুক্তৰাষ্ট্ৰ ড'নাল্ড ট্ৰাম্প