/asomiyapratidin/media/media_files/2025/06/22/iuiid-2025-06-22-10-04-56.jpg)
ডিজিটেল ডেস্কঃ মধ্য প্ৰাচ্যৰ যুদ্ধত যেন প্ৰৱেশ কৰিলে আমেৰিকাই। যোৱা শনিবাৰে নিশা ইৰাণৰ তিনিটাকৈ পৰমাণু ক্ষেপনাস্ত্ৰ ঘাটিত আমেৰিকাই চলালে আক্ৰমণ। এই কথা এক্সযোগে সদৰি কৰিলে মাৰ্কিন ৰাষ্ট্ৰপতি ডনাল্ড ট্ৰাম্পে। মাৰ্কিন ৰাষ্ট্ৰপতি গৰাকীয় এক্সত উল্লেখ কৰা মতে, আমেৰিকাই ইৰাণৰ ফৌণ্ডৌ, নতাজ আৰু ইস্ফহানৰ দৰে পৰমাণুৰ ঘাটিত আক্ৰমণ কৰিছে। তেওঁ লগতে উল্লেখ কৰিছে যে, আমেৰিকাই এই ঘাটিসমূহত এনেদৰে আক্ৰমণ কৰিছে যে, তেনে বেয়াকৈ আৰু কোনোৱে হয়তো আক্ৰমণ কৰিব নোৱাৰে।
উল্লেখ কৰা প্ৰয়োজন যে, আমেৰিকাই প্ৰায় ৩০ৰো অধিক মিছাইলেৰে এই আক্ৰমণ কৰাৰ কথা ইৰাণৰ সংবাদ মাধ্যমতো সবিস্তাৰে প্ৰকাশ পাইছে। ইফালে এই আক্ৰমণৰ কথা সামাজিক মাধ্যমত সদৰি কৰাৰ পাছতে দেওবাৰে পুৱা ৭.৩০বজাত সংবাদ মাধ্যমক সম্বোধন কৰে মাৰ্কিন ৰাষ্ট্ৰপতিগৰাকীয়ে।
সংবাদ মাধ্যমক সম্বোধি মাৰ্কিন ৰাষ্ট্ৰপতিগৰাকীয়ে কয় যে, ইৰাণৰ ওপৰত আমি বিধ্বংসী আক্ৰমণ চলাইছো। এনে আক্ৰমণ বেলেগ কোনো দেশে কৰিব পাৰিব বুুলি মোৰ মনে নধৰে। মই বহুত চেষ্টা কৰিছিলো যে, এনে পদক্ষেপ যাতে গ্ৰহণ কৰিব লগীয়া নহয়। কিন্তু ইয়াৰ কোনো বিকল্প নাছিল। এতিয়া হয়তো ইৰাণ শান্তিৰ পথলৈ ঘূৰি আহিব।
ট্ৰাম্পে লগতে কয়, ইৰাণ এতিয়া শান্তিৰ পথলৈ উভতি অহাটোৱে মংগল। যুদ্ধ শেষ কৰিব লাগিব ইৰাণে। এতিয়াৰে পৰা যদি ইৰাণে কোনো আক্ৰমণ কৰে তেন্তে আমি তাৰ প্ৰত্যাক্ৰমণ কৰিম। যদি শান্তি নহয়, তেন্তে বিনাশৰ বাবে সাজু থাকক ইৰাণ। পশ্চিম এচিয়াত দাদাগিৰিত কৰা ইৰাণৰ সকলো পৰমাণু ক্ষেপনাস্ত্ৰৰ ঘাটি আমি ধ্বংস কৰি দিম।