/asomiyapratidin/media/media_files/2025/03/23/FpdU1QivhtsypjuxjghJ.jpg)
ঘৰুৱা বিমান যাত্ৰী পৰিবহণ ১১% বৃদ্ধি
ডিজিটেল ডেস্ক: ফেব্ৰুৱাৰী মাহত ১১.০৪ শতাংশলৈ বৃদ্ধি পাইছে ভাৰতৰ ঘৰুৱা বিমানযাত্ৰীৰ পৰিবহণ। তথ্য অনুসৰি, ২০২৪ চনৰ ফেব্ৰুৱাৰী মাহত ভাৰতীয় বিমান সংস্থাটোৱে ঘৰুৱা যাত্ৰীৰ সংখ্যা ১২৬.৪৮ লাখ অতিক্ৰম কৰিছে। এমাহৰ ভিতৰত ইণ্ডিগ’ই ৬৩.৭ শতাংশ বজাৰ অংশীদাৰিত্বৰে মুঠ ৮৯.৪০ লাখ যাত্ৰীক বিমান পৰিবহণ কৰাইছিল। ইণ্ডিগ’ৰ পিছতে এয়াৰ ইণ্ডিয়া গ্ৰুপে ৩৮.৩০ লাখ যাত্ৰী লৈ পৰিবহণ কৰিছিল আৰু ২৭.৩ শতাংশ বজাৰ অংশীদাৰিত্বৰে চিপঅফ কৰিছিল। অসামৰিক বিমান পৰিবহণ সঞ্চালকালয়ৰ মাহেকীয়া যাতায়তৰ তথ্যত এই কথা পোহৰলৈ আহিছে। স্পাইচজেট আৰু আকাছা এয়াৰে ফেব্ৰুৱাৰী মাহটোত ক্ৰমে ৪.৫৪ লাখ আৰু ৬.৫৯ লাখ যাত্ৰী কঢ়িয়াই নিছিল। আকাছাৰ বজাৰ অংশীদাৰিত্ব ৪.৭ শতাংশ হোৱাৰ বিপৰীতে তথ্য অনুসৰি মুঠ ঘৰুৱা যাত্ৰী পৰিবহণত স্পাইচজেটৰ অংশীদাৰিত্ব ৩.২৩ শতাংশ।
ইফালে ভাৰতৰ বিমান যাত্ৰী পৰিবহণ ২০২৫ চনত ৭ শতাংশ শক্তিশালী গতিৰে বৃদ্ধি হোৱাৰ সম্ভাৱনা আছে। এলটন এভিয়েশন কনচালটেন্সীৰ সঞ্চালক জোছুয়া এন জিয়ে ভাৰতত বিমান পৰিবহণৰ সম্ভাৱনাৰ সন্দৰ্ভত মত প্ৰকাশ কৰিছে। এছিয়া প্ৰশান্ত মহাসাগৰীয় অঞ্চলৰ ঘৰুৱা আৰু আন্তঃৰাষ্ট্ৰীয় বিমান পৰিবহণৰ চাহিদাৰ প্ৰায় ১০ শতাংশ অৰিহণা যোগোৱা ভাৰতে ইতিমধ্যে মহামাৰীৰ পূৰ্বৰ স্তৰলৈ ঘূৰি আহিছে বুলি উল্লেখ কৰে এন জিয়ে। লগতে তেওঁ সদৰী কৰে, “এয়াৰ ইণ্ডিয়া আৰু ভিষ্টাৰাৰ শেহতীয়া একত্ৰীকৰণেও উদ্যোগটোক অধিক স্থিতিশীলতা আনিব বুলি আশা কৰা হৈছে।”