/asomiyapratidin/media/media_files/2025/01/23/sEo47sShgwWnqE6JbGrR.jpg)
ডিজিটেল ডেস্কঃ ২০২৪ চনত দেশত ঘৰুৱা বিমান যাত্ৰীৰ সংখ্যা ৬.১২ শতাংশ বৃদ্ধি পায় ১৬ কোটি ১৩ লাখ হৈছে। বুধবাৰে এই তথ্য সদৰী কৰে অসামৰিক বিমান পৰিবহণ সঞ্চালকালয়ে ।
২০২৩ চনত ঘৰুৱা বিমান যাত্ৰীৰ সংখ্যা আছিল ১৫.২ কোটি। কোভিড মহামাৰীৰ পিছৰ পৰ্যায়ত একেটা চনতে বৃদ্ধিৰ হাৰ ২৩.৩৬ শতাংশ হয় ।
ডিজিচিএৰ তথ্য অনুসৰি ২০২৩ চনত ঘৰুৱা বিমান যাত্ৰী পৰিবহণত ইণ্ডিগ’ৰ অংশ ৬০.৫ শতাংশৰ পৰা ২০২৪ চনত ৬১.৯ শতাংশলৈ বৃদ্ধি পাইছে। ভাৰতৰ সৰ্ববৃহৎ বিমান সংস্থাটোৱে ২০২৪ চনত ৯ কোটি ৯৯ লাখ ঘৰুৱা বিমান যাত্ৰী কঢ়িয়াইছিল । একে সময়ছোৱাত স্পাইচজেটৰ অংশীদাৰিত্ব ৫.৫ শতাংশৰ পৰা ৩.৭ শতাংশলৈ হ্ৰাস পাইছে। স্পাইচজেটে ২০২৪ চনত ভাৰতৰ ভিতৰত ছয় নিযুত বিমান যাত্ৰী কঢ়িয়াইছিল ।
এয়াৰ ইণ্ডিয়া গ্ৰুপে ২০২৪ চনত মুঠ ৪৫.৮ মিলিয়ন ঘৰুৱা বিমান যাত্ৰী কঢ়িয়াইছিল।অয়াৰ পৰিৱৰ্তে ২০২৩ চনত এয়াৰ ইণ্ডিয়া গ্ৰুপে মুঠ ৩৯.৪৯ মিলিয়ন ঘৰুৱা বিমান যাত্ৰী কঢ়িয়াইছিল ।
এয়াৰ ইণ্ডিয়া গ্ৰুপত এয়াৰ ইণ্ডিয়া আৰু এয়াৰ ইণ্ডিয়া এক্সপ্ৰেছ আছে। সমান্তৰালভাৱে ২০২৪ চনৰ নৱেম্বৰ মাহত ভিষ্টাৰা এয়াৰ ইণ্ডিয়াৰ লগত একত্ৰিত হয়। লগতে ২০২৪ চনৰ অক্টোবৰ মাহত এআইএক্স কানেক্টো এয়াৰ ইণ্ডিয়া এক্সপ্ৰেছত একত্ৰিত হয়।
এয়াৰ ইণ্ডিয়া গ্ৰুপে বৰ্তমান প্ৰায় ৩০০খন বাণিজ্যিক বিমানৰে সেৱা আগবঢ়াই আহিছে । অহা তিনি বছৰত ইয়াৰ আকাৰ প্ৰায় ৪০০খন বাণিজ্যিক বিমানলৈ বৃদ্ধি পাব বুলি গ্ৰুপে আশা ব্যক্ত কৰিছে । যোৱা দুবছৰত টাটা গ্ৰুপৰ দ্বাৰা পৰিচালিত বিমান সংস্থাই মুঠ ৫৭০খন বাণিজ্যিক বিমান অৰ্ডাৰ দিছে ।ইয়াৰ ভিতৰত ২২০খন আমেৰিকা যুক্তৰাষ্ট্ৰৰ বয়িঙৰ পৰা আৰু ৩৫০খন ইউৰোপীয় বিমান নিৰ্মাতা এয়াৰবাছৰ পৰা অৰ্ডাৰ দিছে সংস্থাটোৱে ।
যোৱা ডিচেম্বৰ মাহত ঘৰুৱা বিমান পৰিবহণৰ ক্ষেত্ৰত ইণ্ডিগ’ ৭৩.৪ শতাংশৰে শীৰ্ষত আছিল । ইয়াৰ পৰিৱৰ্তে এয়াৰ ইণ্ডিয়া গ্ৰুপ ৬৭.৬ শতাংশৰে দ্বিতীয় স্থানত আছে ।