আজিৰে পৰা বটদ্রৱা থানত শ্রীশ্রী কৃষ্ণৰ দৌল যাত্ৰা মহোৎসৱ...

মহা আড়ম্বৰপূৰ্ণ ভাবে প্রতি বছৰে দৌল উৎসৱ বা ফাকুৱা ফাল্গু পূৰ্নিমা তিথিত পালন কৰা হয়। তদুপলক্ষে আজিৰে পৰা ১৭ মাৰ্চলৈ পাঁচ দিনীয়া বৰ্ণাঢ্য কাৰ্যসূচীৰে বটদ্রৱা থানত দৌল যাত্ৰা মহোৎসৱ পালন কৰা হ'ব।

author-image
Asomiya Pratidin
New Update
xvxv

ডিজিটেল সংবাদ, বটদ্ৰৱাঃ  জগত গুৰু শ্রীমন্ত শংকৰদেৱে আজিৰ পৰা প্রায় পাঁচশ বছৰ আগতে ‘চিহ্নযাত্রা’ ভাওনা অনুষ্ঠিত কৰা স্থানত জগন্নাথ পুৰীৰ ইন্দ্রদ্যুম্ন ৰজাই সজা দৌলৰ আৰ্হিত এটি দৌল মন্দিৰ সাজি ভাৰতীয় মহাজীৱনৰ অনুপম আনন্দ ৰঙৰ উৎসৱ ফাকুৱা পাতিছিল।

Advertisment

তাহানিৰ পৰা সেই মহান ঐতিহ্যক সৰোগত কৰি মহা আড়ম্বৰপূৰ্ণ ভাবে প্রতি বছৰে দৌল উৎসৱ বা ফাকুৱা ফাল্গু পূৰ্নিমা তিথিত পালন কৰা হয়। তদুপলক্ষে আজিৰে পৰা ১৭ মাৰ্চলৈ পাঁচ দিনীয়া বৰ্ণাঢ্য কাৰ্যসূচীৰে বটদ্রৱা থানত দৌল যাত্ৰা মহোৎসৱ পালন কৰা হ'ব।

আজি গন্ধোৎসৱৰ সন্ধ্যা গোসাঁইক গায়ন বায়ন আৰু ভক্তসবে গাই বাই কীৰ্তন ঘৰৰ পৰা উলিয়াই আনি কীৰ্তন ঘৰৰ নাতিদূৰত অস্থায়ীকৈ সজা ৰভাতলত স্থাপন কৰা হ'ব। পিছত গোসাঁইক স্নান কাৰ্য্য সম্পাদনৰ পিছত গান্ধবিৰিঙা, গুণ গাঁঠিয়ন, মুঠা, মিঠি, পিৰিকা ফুল আদি ভেষজ উপাদানেৰে প্রস্তুত কৰা গন্ধ তেল বুলি প্রচলিত এই বিশেষ তেলৰে নোৱা হ'ব। 

তাৰ পাছত তেল, চন্দন, অগৰু সানি গোসাঁইক নতু্ন বস্ত্র, অলংকাৰ পিন্ধাই সিংহাসনত স্থাপন কৰি গায়ন বায়নে ‘ৰাম ধেমালী’ পৰিবেশন কৰিব। কাইলৈ অথাৎ ১৪ ৰ্মাচ ‘গোসাঁই মূৰত ফাকু দিয়া উৎসৱ’ৰ দুপৰীয়া গোসাঁইক নোৱাই ধোৱাই আসনত বহুৱাই সুবাসিত ফাকু দিয়া হ'ব।

গায়ন বায়নে ‘ন-ধেমালী’ পৰিবেশন কৰিব আৰু ভক্ত বৈষ্ণৱ সকলে ফাকু নিৰ্মালি আৰু পদজল গ্রহন কৰিব। সেইদিনা ওৰে নিশা গোসাঁইক ৰভাতলত ৰাখি ৰাজ্য খনৰ ভিন্ন প্রন্তৰ পৰা অহা ভক্ত বৈষ্ণৱে নাম কীৰ্তন কৰিব। ১৫ ৰ্মাচৰ দিনা গোসাঁই ফুৰোৱা উৎসৱ।

সেই দিনা ২ বজাত গায়ন বায়ন, ভকত-বৈষ্ণৱ, আই-মাতৃ সকলোৱে কৃষ্ণ গোসাঁইক ৰভাতলৰ পৰা উলিয়াই দৌললে যাত্রা কৰিব। দৌল মন্দিৰত গোসাঁইক পূজা অৰ্চনা দি সাত পাক প্ৰদক্ষিণ কৰোৱাৰ পাছত গোসাঁইক বৰদোৱাৰ দুই সত্ৰ ক্ৰমে শ্ৰীশ্ৰী শলগুৰি আৰু শ্ৰীশ্ৰী নৰোৱা সত্ৰত প্ৰদক্ষিন কৰোৱাৰ লগতে সত্ৰাধিকাৰ, ডেকা সত্ৰাধিকাৰৰ ঘৰত প্ৰৱেশ কৰোৱাই পূজা অৰ্চনা দি শেষত কীৰ্তন ঘৰত প্ৰবেশ কৰোৱা পাছতে দৌলযাত্রা উৎসৱৰ ধৰ্মীয় কাৰ্যসূচীৰ অন্ত পৰিব।

দৌল উৎসৱ