Advertisment

দ'ল বাগান উঃ মাঃ বিদ্যালয়ৰ শতবাৰ্ষিকী সামৰণি অনুষ্ঠানৰ প্ৰস্তুতি...

সামৰণি অনুষ্ঠানৰ আয়োজন ইতিমধ্যে সম্পূৰ্ণ হৈ উঠিছে বুলি অৱগত কৰে উদযাপন সমিতিৰ সভাপতি তথা সোনাৰিৰ বিধায়ক ধৰ্মেশ্বৰ কোঁৱৰে

author-image
Asomiya Pratidin
New Update
দ'ল বাগান উঃ মাঃ বিদ্যালয়ৰ শতবাৰ্ষিকী সামৰণি অনুষ্ঠানৰ প্ৰস্তুতি...

Dol bagan hs school

ডিজিটেল সংবাদ,চৰাইদেউঃ বুৰঞ্জীয়ে পৰশা ইতিহাসৰ জীৱন্ত দলিল স্বৰ্গদেউ চাওলুং চুকাফাই বৰ অসম আৰু মহান অসমীয়া জাতি গঢ়া আহোমৰ প্ৰথম ৰাজধানী ঐতিহাসিক চৰাইদেউৰ সোনসেৰীয়া মাটিত আজিৰ পৰা ১০০ বছৰ পূৰ্বে স্থাপন হৈছিল দ'ল বাগান উচ্চতৰ মাধ্যমিক বিদ্যালয়।

Advertisment

চৰাইদেউৰ সমগ্ৰ অঞ্চলটোক শিক্ষা, জ্ঞানৰ পোহৰেৰে আলোকিত কৰি ঐতিহাসিক চৰাইদেউক মহিমামণ্ডিত কৰে শতবৰ্ষ গৰকা দ'ল বাগান উঃ মাঃ বিদ্যালয়ে । ঐতিহ্যমণ্ডিত শিক্ষানুষ্ঠানখনৰ অহা ৪,৫ আৰু ৬ নৱেম্বৰত শতবাৰ্ষিকী সামৰণি অনুষ্ঠান অনুষ্ঠিত কৰিছে।

উদযাপন সমিতিৰ সভাপতি তথা সোণাৰিৰ বিধায়ক ধৰ্মেশ্বৰ কোঁৱৰে জানিবলৈ দিয়া অনুসৰি, সামৰণি অনুষ্ঠানৰ আয়োজন ইতিমধ্যে সম্পূৰ্ণ হৈ উঠিছে।

উল্লেখ্য যে, আয়োজক সমিতিয়ে জনায় যে, অহা ৬ নৱেম্বৰত অনুষ্ঠিত হ'বলগীয়া মুকলি সভাত অংশগ্ৰহন কৰিব ৰাজ্যৰ মুখ্যমন্ত্ৰী ড০ হিমন্ত বিশ্ব শৰ্মাই।

dol bagan hs school charaideu assam sonari DHARMESWAR KONWAR