/asomiyapratidin/media/media_files/2025/07/20/ddddd-2025-07-20-10-04-45.jpg)
ডিজিটেল ডেস্কঃ ভাইৰেল হৈছে এটা বিজ্ঞাপন। এই বিজ্ঞাপনটো এটা বিশেষ চাকৰিৰ। চাকৰিৰ সময়সীমাও বেচ ভাল। পুৱা ৬বজাৰ পৰা ৯বজালৈ আৰু সন্ধিয়া ৬বজাৰ পৰা ৮বজালৈকে কৰিব লাগিব ডিউটি। এই চাকৰিটোৰ বাবদ মাহিলী লাভ কৰিব ১৮হাজাৰ টকাৰ দৰমহা। চাকৰিটো হৈছে পুৱা-সন্ধিয়া খোজ কাঢ়িব লাগিব কুকুৰৰ সৈতে।
দৰাচলতে ঘৰৰ কুকুৰক ফুৰাবলৈ নিয়াৰ বাবে এগৰাকী ব্যক্তিয়ে মুকলি কৰিছে এই বিজ্ঞাপনটো। সামাজিক মাধ্যমত ব্যক্তিজনে দিয়া এই বিজ্ঞাপনটোক লৈ এতিয়া সৰ্বত্ৰে চৰ্চা। এই চাকৰি লাভ কৰা জনক চাকৰিৰ পূৰ্বে প্ৰদান কৰা হব বিশেষ টেইনিং।
প্ৰাৰ্থীগৰাকীৰ হাতত স্মাৰ্টফোনৰ লগতে বাইক থকাটো বাঞ্চনীয় বুলিও উল্লেখ কৰা হৈছে বিজ্ঞাপনটোত। জন্তুৰ প্ৰতি বিশেষভাৱে আকুলতা থাকিব লাগিব বুলিও চৰ্ত নিৰ্ধাৰণ কৰা হৈছে। দিল্লীৰ এগৰাকী ব্যক্তিয়ে মুকলি কৰা এই বিজ্ঞাপনটোক লৈ এতিয়া সামাজিক মাধ্যমতো ব্যাপক গুজব হৈছে।
একাংশ নেটিজেনে কুকুৰ ফুৰাবলৈকে মাহে ১৮হাজাৰ দিয়া কথাটোত আশ্চৰ্য প্ৰকাশ কৰাৰ বিপৰীতে আন একাংশই এপ্লাই কৰাৰ বাবেও ইচ্ছা প্ৰকাশ কৰিছে।