ভালুকৰ আক্ৰমণৰ পৰা কথমপি প্ৰাণ ৰক্ষা বৌদ্ধ ভিক্ষুৰ

জনবিশ্বাস অনুসৰি কুকুৰ হৈছে প্ৰভুভক্ত এবিধ জন্তু। ই হৈছে সহায়কাৰী জন্তু - এই কথাকে পুনৰ প্ৰমাণ কৰিলে এটা কুকুৰে। ঘটনাৰ স্থান মধ্য জাপানৰ নিগাইটা অঞ্চল।

author-image
Asomiya Pratidin
আপডেট কৰা হৈছে
New Update
প্ৰাণ ৰক্ষা বৌদ্ধ ভিক্ষুৰ

ডিজিটেল ডেস্ক : জনবিশ্বাস অনুসৰি কুকুৰ হৈছে প্ৰভুভক্ত এবিধ জন্তু। ই হৈছে সহায়কাৰী জন্তু - এই কথাকে পুনৰ প্ৰমাণ কৰিলে এটা কুকুৰে। ঘটনাৰ স্থান মধ্য জাপানৰ নিগাইটা অঞ্চল।

Advertisment

অঞ্চলটোত এজন বৌদ্ধ ভিক্ষু খোজকাঢ়ি গৈ থাকোতে জংঘলৰ মাজৰ পৰা এটা ভালুকে ভিক্ষুজনৰ পিনে চোঁচা লয়। তেনে অৱস্থাতে প্ৰাণৰ শংকাত আতংকিত হৈ বৌদ্ধ ভিক্ষু টৌগেন যোশীহাৰাই তীব্ৰ বেগেৰে খোজ লয় আৰু অৱশেষত দৌৰবলৈ লওতে আদবাটতে উজুতি খাই পিছলি পৰে।

ইয়াৰ পাছতে ওচৰতে থকা এটা কুকুৰে ভিক্ষুজনক সুৰক্ষা দি ভালুকটোৰ পিনে ভুকি ভুকি দৌৰি খেদি যায়। কুকুৰৰ গৰ্জন শুনি ভালুকটো পলাই পত্ৰং দিয়ে। অৱশেষত প্ৰাণৰ মমতাত আতংকিত ভিক্ষুজনৰ উশাহ ঘূৰি আহে। অৱশ্যে দৌৰি পলাবলৈ চেষ্টা কৰা ভিক্ষুজনৰ সো কান্ধত কিছু পৰিমাণে আঘাতপ্ৰাপ্ত হয়। 

উল্লেখ্য যে, উক্ত অঞ্চলটোত প্ৰায়ে ভালুক প্ৰত্যক্ষ কৰা বুলি নিকটৱৰ্তী লোকসকলে জানিবলৈ দিয়ে। কিছুদিন পূৰ্বে দুজন লোক ভালুকৰ আক্ৰমণত গুৰুতৰভাৱে আঘাতপ্ৰাপ্ত হৈছিল।

জাপান