/asomiyapratidin/media/media_files/2025/04/10/cQqcAIzlX0VwaHYzUDGP.jpg)
ডিজিটেল ডেস্ক : ৰাজ্যৰ সাংস্কৃতিক ক্ষেত্ৰৰ বাবে ভাল খবৰ। কানাডাৰ ট’ৰণটো চহৰৰ মিচিচাউগাৰ অন্নাপিলিচ হলত ১৯ এপ্ৰিলত প্ৰদৰ্শন কৰা হ’ব পণ্ডিত হেমচন্দ্ৰ গোস্বামীৰ জীৱনভিত্তিক “দা গ্ৰেটেষ্ট লিজেণ্ডাৰী স্ক’লাৰ ফ্ৰম আসাম পণ্ডিত হেমচন্দ্ৰ গোস্বামী” শীৰ্ষক তথ্যচিত্ৰ।
উল্লেখযোগ্য যে, আমেৰিকাৰ আসাম ছ’ছাইটিয়ে আয়োজন কৰিব লগা ৰঙালী বিহুৰ প্ৰাকক্ষণত উক্ত ছবিখন প্ৰদৰ্শন কৰা হ’ব বুলি উদ্যোক্তাই জানিবলৈ দিয়ে। এইখিনিতে এটা কথা উল্লেখ কৰিব প্ৰয়োজন যে, তথ্যচিত্ৰখন পণ্ডিত হেমচন্দ্ৰ গোস্বামী ন্যাস আৰু শ্ৰুতি ক্ৰিয়েচনৰ বেনাৰত নিৰ্মাণ কৰা হৈছে।
তথ্যচিত্ৰখনৰ প্ৰিমিয়াৰ সম্পন্ন হৈছিল ৱাশ্বিংটন ডি চিত। য’ত উপস্থিত আছিল আন্তৰ্জাতিক পৰ্যায়ৰ অভিনেতা তথা অসম সন্তান আদিল হুছেইন আদিৰ দৰে অভিনেতা তথা সাংস্কৃতিক কৰ্মীসকল।
ইফালে এই তথ্যচিত্ৰখন ইতিমধ্যে বিশ্বৰ ভিন্ন প্ৰান্তত প্ৰদৰ্শন কৰা হৈছে। লেষ্টাৰ, মধ্য ইংলেণ্ড, চিকাগো, টেনেছিত প্ৰদৰ্শন হোৱাৰ উপৰি ২০২৪ত নশ্বভিল, টেনেছিত অনুষ্ঠিত হোৱা ৪৫ সংখ্যক অসম অধিবেশনতো প্ৰদৰ্শন কৰা হৈছিল, য’ত তথ্যচিত্ৰখনে দৰ্শক তথা সমালোচকৰ আদৰ বুটলিবলৈ সক্ষম হৈছিল।