চিকিৎসক হত্যাকাণ্ডঃ মমবাতি জ্বলাই SMCH, চাপৰ চিকিৎসালয়ত প্ৰতিবাদ

চিকিৎসক হত্যাকাণ্ডঃ মমবাতি জ্বলাই SMCH, চাপৰ চিকিৎসালয়ত প্ৰতিবাদ

author-image
Asomiya Pratidin
New Update
চিকিৎসক হত্যাকাণ্ডঃ মমবাতি জ্বলাই SMCH, চাপৰ চিকিৎসালয়ত প্ৰতিবাদ

ডিজিটেল ডেস্কঃ শিলচৰ চিকিৎসা মহাবিদ্যালয় হাস্পতালৰ চিকিৎসক সকলৰ হাতে হাতে মমবাতি লৈ প্ৰতিবাদী কাৰ্যসূচী ৰূপায়ণ। কলকতাত নিৰ্মমভাৱে চিকিৎসকক হত্যা কৰা ঘটনাৰ বিৰোধিতাৰে SMC হাস্পতালৰ সকলো বিভাগৰ মুৰব্বী অধ্যাপক,চিকিৎসক, পি জি চিকিৎসক ইন্টাৰ্ণ, বি এছ ছি নাৰ্চিং কলেজ, ডেন্টেল কলেজ সহ সকলো স্তৰৰ চিকিৎসকে কলিকতাত নিৰ্মমভাৱে চিকিৎসকক হত্যা কৰা ঘটনাৰ বিৰোধিতাৰে এই মৌন প্ৰতিবাদী সমদলত অংশ লয়।

Advertisment

SMCH ৰ বৰ্হিঃ বিভাগৰ সন্মুখৰ পৰা উলিওৱা এই প্ৰতিবাদী সমদলটো মেডিকেল কলেজৰ প্ৰধান পথ সমূহ অতিক্ৰম কৰি মূল প্ৰৱেশ দ্বাৰলৈ আহে। তাৰ পুনৰ বহিঃ বিভাগৰ সন্মুখত উপস্থিত হৈ সমদলৰ সমাপ্তি ঘটায়।

সমান্তৰালকৈ চাপৰ চিকিৎসালয়তো শ্ৰদ্ধাঞ্জলি অনুষ্ঠান ৰপায়ণ কৰা হয়। শীঘ্ৰে দোষীক কৰায়ত্ত কৰি ফাঁচীৰ দাবী জনায়। উক্ত কাৰ্যসূচীত উপস্থিত থাকে আলোকেৰে যাত্ৰা নামৰ সামাজিক সংগঠনৰটোৰ বিষয়াববীয়া সকলৰ লগতে বিজেপি'ৰ বিলাসীপাৰা জিলা সমিতিৰ সভাপতিৰ লগতে বহু গণ্য মান্য ব্যক্তি। সকলোৱে চিকিৎসক গৰাকীৰ আত্মাৰ চিৰশান্তি কামনাৰ্থে মমবাতি প্ৰজ্বলন কৰি এক মিনিট মৌন প্ৰাৰ্থনা কৰে।

Also Read: কলিকতাৰ মহিলা চিকিৎসক হত্যাৰ প্ৰতিবাদত উত্তপ্ত লামডিঙৰ ৰাজপথ...

doctors protest