নগাঁৱত ৰাষ্ট্ৰীয় চিকিৎসক দিৱস উদযাপন: ৰক্তদান শিবিৰ সম্পন্ন

অনুষ্ঠানটি  বন্তি প্ৰজ্বলন কৰি আনুষ্ঠানিক ভাৱে মুকলি কৰে আই এম এ নগাঁৱৰ শাখাৰ সভাপতি ডা০ ৰফিকউদ্দিন আহমেদ আৰু সম্পাদক ডা০ অজিত গোস্বামীয়ে লগতে উপস্থিত অন্যান্য সকলে মাল্যপৰ্ণ কৰে ৷

author-image
Asomiya Pratidin
New Update
1

ডিজিটেল সংবাদ, নগাঁও:  সমগ্ৰ দেশৰ লগতে আজি নগাঁৱতো ৰাষ্ট্ৰীয় চিকিৎসক দিৱসটি উদযাপন কৰা হয় ৷ ইণ্ডিয়ান মেডিকেল এছ’চিয়েছনৰ উদ্যোগত আৰু চি আৰ ইউ নগাঁও জিলাৰ সহযোগত নগাঁৱৰ পানীগাঁও ছয়আলিস্থিত আই এম এ সভাগৃহত দিনযোৰা কাৰ্যসূচীৰে ৰাষ্ট্ৰীয় চিকিৎসক দিৱসটি উদযাপন কৰা হয় ৷

Advertisment

দিৱসৰ লগত সংগতি ৰাখি পুৱা এটি ৰক্তদান শিৱিৰৰ আয়োজন কৰা হয় ৷ অনুষ্ঠানটি  বন্তি প্ৰজ্বলন কৰি আনুষ্ঠানিক ভাৱে মুকলি কৰে আই এম এ নগাঁৱৰ শাখাৰ সভাপতি ডা০ ৰফিকউদ্দিন আহমেদ আৰু সম্পাদক ডা০ অজিত গোস্বামীয়ে লগতে উপস্থিত অন্যান্য সকলে মাল্যপৰ্ণ কৰে ৷

অনুষ্ঠানত বিশিষ্ট আমন্ত্ৰিত অতিথি হিচাপে উপস্থিত থাকে অৱসৰপ্ৰাপ্ত যুটীয়া স্বাস্থ্য সেৱা সঞ্চালক অতুল চন্দ্ৰ পাটৰ, ডা০ জয়ন্ত বৰুৱা, ডা০ মুকুট বৰা, ডা০ চন্দন শৰ্মা, ডা- বিজয়া বৰুৱা,ডা০ পূৰ্নানন্দ ডেকা, চি আৰ ইউৰ ৰাজ্যিক উপ সভাপতি প্ৰাঞ্জল চুতীয়া, জিলা সভাপতি অষিত চক্ৰৱৰ্তী,সম্পাদক ভিকি দত্ত আদি৷

ৰক্তদান শিবিৰটোত নগাঁও শাখাৰ অৰ্ধশতাধিক চি আৰ ইউৰ সদস্যই ৰক্তদান কৰি অনুষ্ঠানটি সাফল্য মণ্ডিত কৰি তোলে ৷ বিয়লিলৈ আই এম এৰ উদ্যোগত বিভিন্ন চিকিৎসা সম্পৰ্কীয় আলোচনা চক্ৰ আৰু সাংস্কৃতিক অনুষ্ঠানেৰে দিনযোৰা কাৰ্যসূচীৰ সামৰণি পৰে ৷

নগাঁও ৰক্তদান শিবিৰ