চিকিৎসকৰ গাফিলতি! অস্ত্ৰোপচাৰৰ পাছত মহিলাৰ পেটত ৰৈ গ'ল টাৱেল...

চিকিৎসক সকলক মানুহে ভগৱানৰ অন্য ৰূপ বুলি গন্য কৰে। কিন্তু বহু সময়ত কিছুমান সৰু ভুলৰ বাবে বহু সমস্যাৰ সন্মুখীন হবলগীয়া হয়।

author-image
Asomiya Pratidin
New Update
চিকিৎসকৰ গাফিলতি! অস্ত্ৰোপচাৰৰ পাছত মহিলাৰ পেটত ৰৈ  গ'ল টাৱেল...

ডিজিটেল ডেস্ক: চিকিৎসক সকলক মানুহে ভগৱানৰ অন্য ৰূপ বুলি গন্য কৰে। কিন্তু বহু সময়ত কিছুমান সৰু ভুলৰ বাবে বহু সমস্যাৰ সন্মুখীন হ'বলগীয়া হয়।

Advertisment

উত্তৰ প্ৰদেশৰ আমৰোহাৰ বনছ খেৰী গাঁৱত সংঘটিত হৈছে এক ভয়ংকৰ ঘটনা।প্ৰসৱ বেদনাৰ বাবে এগৰাকী মহিলা হাস্পাতালত ভৰ্তি হৈছিল কিন্তু চিকিৎসকজনে পেটৰ ভিতৰত টাৱেল এখন ৰাখি দিয়াৰ অভিযোগ উত্থাপন হৈছে। মঙলবাৰে চিএমঅ' ৰাজীৱ সিংঘালে বিষয়টো সবিস্তাৰে তদন্তৰ নিৰ্দেশ দিছে।

চিএমঅ'ই জনোৱা অনুসৰি মাতলুব নামৰ চিকিৎসকজনে চাইফি নাৰ্চিং হোমত অস্ত্ৰোপচাৰ কৰাৰ পিছত এগৰাকী মহিলাৰ পেটত টাৱেল এৰি থৈছিল। সেই নাৰ্ছিং হোম খন অনুমতি অবিহনে চলাই আছিল।

তথ্য অনুসৰি, চিকিৎসা কৰ্মচাৰীৰ অৱহেলাৰ বাবে এনে কাণ্ড সংঘটিত হয়।অস্ত্ৰোপচাৰৰ পাছত মহিলা গৰাকীক ঘৰলৈ যাবলৈ অনুমতি দিছিল কিন্তু মহিলা গৰাকীয়ে পেটত বিষ অনুভৱ কৰাৰ বাবে পুনৰ হাস্পাতালত ভৰ্তি কৰাইছিল। ৫ দিন হাস্পাতালত ৰখাৰ পাছতো মহিলা গৰাকীৰ স্বাস্থ্যৰ উন্নতি নহ'ল।

তাৰপাছত মহিলা গৰাকীক আন এখন হাস্পতাললৈ লৈ যায়।তেতিয়াই পোহৰলৈ আহে সমগ্ৰ তথ্য।

আৰু পঢ়ক: দিল্লীৰ নৃশংস কাণ্ড! মৰণোত্তৰ পৰীক্ষাৰ প্ৰতিবেদনত ভয়ংকৰ তথ্য...

doctor uttar pradesh