মহানগৰীৰ ৰাজপথত দিন দুপৰতেই সংঘটিত হৈছে ডকাইতি কাণ্ড।
চাৰিচকীয়া বাহনৰ গ্লাচ ভাঙি দুৰ্বৃত্তই লুটি নিলে সজীৱ গুলীসহ পিষ্টল।
ইয়াৰোপৰি লুটি নিলে নগদ ২৬ হাজাৰ টকা।
বেলতলা চাৰ্ভেত সংঘটিত হৈছে এই ডকাইটি ঘটনা।
ৱাছিম হাজৰিকা নামৰ লখিমপুৰৰ লোকজনৰ AS 01 FW 0513 নম্বৰৰ বাহনখনৰ গ্লাচ ভাঙি লুটিলে দুৰ্বৃত্তই।
ৰাজপথৰ কাষতেই বাহন ৰখাই দোকানলৈ গৈছিল ৱাছিম হাজৰিকা।
ইতিমধ্যে ভুক্তভোগীয়ে দিছপুৰ আৰক্ষীক ঘটনাৰ সন্দৰ্ভত অৱগত কৰিছে।