ৰাহুল গান্ধীৰ পিতৃ কোন প্ৰমাণ বিচাৰিছো নেকি?- হিমন্ত বিশ্ব শৰ্মা

ৰাহুল গান্ধীৰ পিতৃ কোন প্ৰমাণ বিচাৰিছো নেকি?- হিমন্ত বিশ্ব শৰ্মা

author-image
asomiyapratidin
New Update
ৰাহুল গান্ধীৰ পিতৃ কোন প্ৰমাণ বিচাৰিছো নেকি?- হিমন্ত বিশ্ব শৰ্মা

ডিজিটেল ডেস্কঃ ৰাহুল গান্ধীৰ পিতৃ কোন আমি প্ৰশ্ন কৰিছো নেকি? এই প্ৰশ্ন হিমন্ত বিশ্ব শৰ্মাৰ। উত্তৰাখণ্ডৰ এক নিৰ্বাচনী প্ৰচাৰ সভাত অংশগ্ৰহণ কৰি ড০ হিমন্ত বিশ্ব শৰ্মাই কংগ্ৰেছ যুৱৰাজ ৰাহুল গান্ধীক সমালোচনা কৰিবলৈ গৈ তেওঁৰ পিতৃ কোন সেই বিষয়ে কোনেও প্ৰশ্ন কৰা নাই বুলি তীৰ্যক মন্তব্য কৰে।

Advertisment

উত্তৰাখণ্ডৰ বীৰ পুত্ৰ তথা দেশৰ সদ্য প্ৰয়াত জেনেৰেল বিপিন ৰাৱাটৰ কাৰ্যকালত ভাৰতীয় সেনাই পাকিস্তানত চাৰ্জিকেল ষ্ট্ৰাইক কৰিবলৈ সক্ষম হৈছিল বুলি মন্তব্য কৰি তেওঁ কয় যে, উত্তৰাখণ্ডৰ বীৰ পুত্ৰ জেনেৰল বিপিন ৰাৱাটৰ নেতৃত্বত ভাৰতীয় সেনাই পাকিস্তানত চাৰ্জিকেল ষ্ট্ৰাইক কৰিবলৈ সক্ষম হৈছিল। কিন্তু ৰাহুল গান্ধীয়ে সেই চাৰ্জিকেল ষ্ট্ৰাইকৰ বিষয়ে প্ৰমাণ বিচাৰিছে। দেশৰ সেনাই যেতিয়া কৈছে চাৰ্জিকেল ষ্ট্ৰাইক হৈছে তাৰ মানে হৈছে। ইয়াত প্ৰমাণ বিচৰাৰ কোনো কথা নাই। কিন্তু ৰাহুল গান্ধীয়ে ইয়াৰ প্ৰমাণ বিচাৰেছে। তেওঁক কিয় প্ৰমাণ দিব লাগে? আমি তেওঁৰ কোন পিতৃৰ পুত্ৰ তাৰ প্ৰমাণ বিচাৰিছো নেকি?

এইদৰেই নিৰ্বাচনী প্ৰচাৰৰ মাজতে ৰাহুল গান্ধীক ব্যক্তিগত আক্ৰমণ কৰি হিমন্ত বিশ্ব শৰ্মাই এতিয়া ৰাষ্ট্ৰীয় পৰ্যায়ত ব্যাপক চৰ্চা লাভ কৰিছে। ইয়াৰ উপৰিও তেওঁ ৰাহুল গান্ধীক আক্ৰমণ কৰি কয়, ৰাহুল গান্ধীৰ সেনাৰ পৰা প্ৰমাণ বিচৰাৰ কোনো অধিকাৰ নাই। তেওঁৰ কি বিপিন ৰাৱাটৰ ওপৰত বিশ্বাস নাই নেকি? আমি কেতিয়াবা আপোনাক ৰাজীৱ গান্ধীৰ পুত্ৰ হয় নে নহয় সেই বিষয়ে প্ৰমাণ বিচাৰিছো নেকি?

himanta biswa sarma congress bjp rahul gandhi uttarakhand