/asomiyapratidin/media/media_files/2025/09/12/dwew4wewedsdws-2025-09-12-10-55-40.jpg)
ডিজিটেল সংবাদ, মানকাচৰঃ শনিবাৰে সমগ্ৰ দেশজুৰি হব বছৰটোৰ তৃতীয় ৰাষ্ট্ৰীয় লোক আদালত। দেশ তথা ৰাজ্যৰ আন আন জিলাৰ লগতে দক্ষিণ শালমাৰা-মানকাচৰ জিলাতো জিলা আইন সেৱা প্ৰাধিকাৰীৰ উদ্যোগত বছৰটোৰ তৃতীয় ৰাষ্ট্ৰীয় লোক আদালত অনুষ্ঠিত কৰিবলৈ ইতিমধ্যে প্ৰস্তুতি সম্পন্ন কৰি তোলা হৈছে।
জিলাখনৰ ফেকামাৰীস্থিত জিলা আৰু সত্ৰ ন্যায়াধীশ আদালত চৌহদত অনুষ্ঠিত হ’বলগীয়া লোক আদালতৰ জৰিয়তে সকলো ধৰণৰ সৰু অপৰাধ, অন্যান্য দেৱানী বিবাদ, মটৰ বাহন আইন সম্পৰ্কীয় গোচৰ, অসামৰিক বিবাদৰ গোচৰ, পাৰিবাৰিক সমস্যাৰ ১২৫ চি আৰ পি চি (Crpc) ৰ ডি ভি (DV) গোচৰৰ লগতে এন আই আইন গোচৰ সমূহ আপোচ-মীমাংসাৰ জৰিয়তে নিষ্পত্তি কৰা হ’ব। এনে গোচৰৰ অভিযুক্ত সকলে শনিবাৰে অনুষ্ঠিত হ’বলগীয়া লোক আদালতত উপস্থিত থাকি নিজৰ নিজৰ গোচৰ সমূহ নিষ্পত্তি কৰিবলৈ জিলা আইন সেৱা প্ৰাধিকাৰীৰ সচিব জয়ন্ত কুমাৰ শইকীয়াই জিলাবাসী ৰাইজক আহ্বান জনাইছে।
লক্ষণীয় যে, তৃতীয় লোক আদালতৰ বাবে বিভিন্ন গোচৰ সংক্ৰান্তত ইতিমধ্যে বিদ্যুত আৰু বেংকৰ গ্ৰাহকে ৩৯ লাখ ৭৮ হেজাৰ টকা জমা কৰি গোচৰ সমূহ নিস্পত্তি কৰিছে বুলি এক সংবাদমেলৰ জৰিয়তে হাটশিঙিমাৰী জিলা আইন সেৱা প্ৰাধিকাৰী জয়ন্ত কুমাৰ শইকীয়াই জানিবলৈ দিছে। লোক আদালতৰ জৰিয়তে গোচৰ মিমাংসাৰ বাবে জিলাখনৰ বিভিন্ন প্ৰান্তত জিলা আইন সেৱা প্ৰাধিকাৰীয়ে মাইকযোগে প্ৰচাৰ কৰা পৰিলক্ষিত হয়।