অলকা য়াগনিকে হেৰুৱালে শ্ৰৱণ শক্তি! যদিহে হেডফোন বেছিকৈ ব্যৱহাৰ কৰে আপোনাৰো হ'ব এনে দশা...

অলকা য়াগনিকে হেৰুৱালে শ্ৰৱণ শক্তি! যদিহে হেডফোন বেছিকৈ ব্যৱহাৰ কৰে আপোনাৰো হ'ব এনে দশা...
Published on
Updated on

ডিজিটেল ডেস্কঃ দেশৰ খ্যাতনামা শিল্পী অলকা য়াগনিকে হেৰুৱালে শ্ৰৱণ শক্তি। এই কথা কন্ঠশিল্পীগৰাকীয়ে নিজেই সামাজিক মাধ্যমযোগে সদৰি কৰিলে। এটা বিশেষ পোষ্ট কৰি অলকা য়াগনিকে কৈছে যে, তেওঁ নৰ্মেল যি শ্ৰৱণ শক্তি সেয়া হেৰুৱাই পেলাইছে। যোৱা সোমবাৰে এৰোপ্লেনৰ পৰা নমাৰ পাছতে হঠাতে তেওঁৰ একো নুশুনা হৈ যায়। অৱশেষত চিকিতসকে জনায় যে, তেওঁ শ্ৰৱণ শক্তি হেৰুৱাইছে। কন্ঠশিল্পীগৰাকীয়ে এই ঘটনা সামাজিক মাধ্যমত শ্বেয়াৰ কৰি সকলোকে হেডফোন অত্যাধিক ব্যৱহাৰ নকৰিবলৈ আহ্বান জনায়।

এতিয়া জানো আহক অত্যাধিক হেডফোন ব্যৱহাৰ কৰিলে কিদৰে হ্ৰাস পায় আমাৰ শ্ৰৱণ শক্তি। শেহতীয়াকৈ হেডফোনৰ ব্যৱহাৰৰ সন্দৰ্ভত ফান্সৰ এটা গৱেষণা প্ৰতিষ্ঠানতে বিশ্বৰ প্ৰায়বোৰ দেশত এক সমীক্ষা চলাইছিল। এই সমীক্ষাত পোহৰলৈ আহিছিল যে, প্ৰায় ২৫শতাংশ লোক হেডফোনৰ অত্যাধিক ব্যৱহাৰৰ বাবে শ্ৰৱণ শক্তি হ্ৰাস হোৱাৰ দৰে সমস্যাৰ সৈতে যুঁজি আছে।

দিল্লীস্থিত অখিল ভাৰতীয় আয়ুবিজ্ঞান সংস্থা চমুকৈ এইমছে ভাৰতৰ সকলো লোককে সাৱধানবাণী দি থৈছে যে, ১৫ৰ পৰা ২০মিনিটতকৈ অধিক সময় হেডফোন ব্যৱহাৰ কৰাটো অনুচিত। ১৫-২০মিনিট হেডফোন ব্যৱহাৰ কৰাৰ পাছত কাণখনক কিছু আৰাম দিয়াৰ প্ৰয়োজন আছে। যদিহে এনে কৰা নহয়, ২-৩বছৰৰ ভিতৰতে এগৰাকী লোকৰ শ্ৰৱণ শক্তি জনিত সমস্যাত ভুগিব পাৰে।

ইফালে ই এন টি বিশেষজ্ঞসকলৰ মতে, হেডফোন আমি ৮৫ডিবি তকৈ অধিক স্বৰত ব্যৱহাৰ কৰিব নালাগে। পৰাপক্ষত এডাল হেডফোনত থকা সম্পূৰ্ণ চাউণ্ডৰ ভিতৰত ৬০শতাংশ চাউণ্ড ব্যৱহাৰ কৰিহে আমি হেডফোন ব্যৱহাৰ কৰা উচিত। ইফালে এই হেডফোনৰ সঠিক ব্যৱহাৰ নকৰাৰ বাবেই সমগ্ৰ বিশ্বত ১০০কোটিৰো অধিক লোক শ্ৰৱণ শক্তিজনিত সমস্যাৰ সৈতে যুঁজি আছে।

হেডফোনৰ সঠিক ব্যৱহাৰ নকৰাৰ ফলত কেৱল যে, শ্ৰৱণ শক্তিয়ে হ্ৰাস পায় তেনে নহয়। হেডফোন অতিপাত ব্যৱহাৰে এগৰাকী লোকৰ হৃদজনিত ৰোগৰো সৃষ্টি কৰিব পাৰে। অতিপাত হেডফোন ব্যৱহাৰে এগৰাকী লোকৰ হাৰ্টবিট অধিক খৰকতীয়া কৰি তোলে। যাৰ ফলত এগৰাকী লোকৰ হাৰ্ট এটেকৰ দৰে গম্ভীৰ ঘটনাও ঘটিব পাৰে।

জোখতকৈ অধিক হেডফোন ব্যৱহাৰে এগৰাকী লোকৰ মূৰৰ বিষো কৰিব পাৰে। বিশেষজ্ঞসকলৰ মতে, হেডফোনৰ পৰা নিৰ্গত হোৱা ইলেক্টমেগেটিক ৱেবে আমাৰ মগজুত বেয়া প্ৰভাৱ পেলায়। ইয়াৰ ফলত মূৰৰ বিষৰ লগতে অনিদ্ৰাৰ দৰে সমস্যাও সৃষ্টি হয়।

হেডফোন অতিপাত ব্যৱহাৰ কাণৰ ইনফেকশ্যনো কৰিব পাৰে। হেডফোনত থকা বিভিন্ন বেক্টৰিয়াই কাণত বহুধৰণৰ ইনফেকশ্যন কৰিব পাৰে। ইয়াৰ লগতে অতিপাত হেডফোন ব্যৱহাৰে এগৰাকী লোকৰ মানসিক সমস্যা বৃদ্ধি কৰে। হেডফোনৰ ব্যৱহাৰে চিন্তা বৃদ্ধিৰ লগতে মানসিক স্বাস্থ্যতো যথেষ্ট প্ৰভাৱ পেলায়।

Related Stories

No stories found.
X
Code:
logo
Asomiya Pratidin
www.asomiyapratidin.in