ইতিহাসঃ দবা বিশ্বকাপ ফাইনেল খেলিলে দুগৰাকী মহিলাই...

ইতিহাস স্থাপনেৰে দবা বিশ্বকাপত চেম্পিয়নৰ খিতাপ দখল কৰিলে দিব্য দেশমুখে। এই খিতাপ দখল কৰাৰ লগে লগে তেওঁ হৈ পৰিল এই খিতাপ অৰ্জন কৰা প্ৰথমগৰাকী ভাৰতীয় মহিলা।

author-image
Asomiya Pratidin
New Update
ইতিহাসঃ দবা বিশ্বকাপ  ফাইনেল খেলিলে দুগৰাকী মহিলাই...

ডিজিটেল ডেস্কঃ ইতিহাস স্থাপনেৰে দবা বিশ্বকাপ চেম্পিযনৰ খিতাপ দখল কৰিলে দিব্য দেশমুখে। ১৯ বছৰীয়া ভাৰতীয় যুৱতীগৰাকীয়ে এই খিতাপ দখল কৰাৰ লগে লগে তেওঁ হৈ পৰিলে দবা বিশ্বকাপৰ চেম্পিয়নৰ খিতাপ অৰ্জন কৰা প্ৰথমগৰাকী ভাৰতীয় মহিলা।  

Advertisment

প্ৰতিযোগিতাৰ ফাইনেলত দিব্যাই ট্ৰাইবেকাৰত প্ৰতিদ্বন্দি হাম্পিক পৰাস্ত কৰে। দ্বিতীয়খন ৰেপিড খেলত জয়লাভেৰে দিব্যা দবা বিশ্বকাপৰ চেম্পিয়ন হয়। উল্লেখ্য যে, এইবাৰ এই প্ৰতিযোগিতাখনৰ ফাইনেলত দুগৰাকীকৈ ভাৰতীয় মহিলাই যোগ্যতা অৰ্জন কৰি নতুন ইতিহাস ৰচনা কৰিছিল। 

আজিৰ ফিডে মহিলা বিশ্বকাপৰ ফাইনেলত মুখামুখী হোৱা দুয়োগৰাকী ভাৰতীয় মহিলা দবাৰুৱেই এক নতুন ইতিহাসৰ সূচনা কৰিলে। ফাইনেলৰ ট্ৰাইবেকাৰত ১৯ বছৰীয়া দিব্যাই সতীৰ্থ তেওঁতকৈ জ্যেষ্ঠ কনেৰু হাম্পীক (৩৮) ২.৫-১.৫ পইণ্টত পৰাস্ত কৰে। ইয়াৰ পূৰ্বে দুখনকৈ ধ্ৰুপদী মেচ দুয়োৰে মাজত ড্ৰ হৈছিল।

সেয়ে ট্ৰাইবেকাৰৰ জৰিয়তে ফলাফল নিৰ্ধাৰণ কৰিবলগীয়া হয় আৰু ট্ৰাইবেকাৰত দিব্যাই শেষ হাঁহি মাৰিবলৈ সক্ষম হয়। ইয়াৰ লগে লগে ভাৰতে প্ৰথমবাৰৰ বাবে এগৰাকী মহিলা দবা বিশ্বকাপৰ চেম্পিয়ন লাভ কৰে। 

চেম্পিয়নৰ খিতাপ অৰ্জন কৰি আবেগিক হৈ পৰা দিব্যাৰ এই সফলতা অৱশ্যে কোনো চমৎকাৰতকৈ কম নহয়। কিয়নো বৰ্তমান তেওঁৰ ৰেটিং পইণ্ট হৈছে ২৪৬৩। তেওঁৰ সৰ্বোচ্চ ৰেটিং হৈছে ২৫০১। এই ৰেটিং তেওঁ লাভ কৰিছিল যোৱা অক্টোবৰ মাহত। 

২০২১ চনত দিব্যা ভাৰতৰ ২১ সংখ্যক মহিলা গ্ৰেণ্ডমাষ্টাৰ হিচাপে পৰিগণিত হৈছিল। ২০২২ চনৰ মহিলা ভাৰতীয় দবা চেম্পিয়নশ্বিপত তেওঁৰ খিতাপ জয় কৰিছিল।  সেই বছৰ দবা অলিম্পিয়াডত তেওঁ লাভ কৰিছিল ব্ৰঞ্জৰ পদক। 

দবা প্ৰতিযোগিতা দবা খেলুৱৈ দবা খেল