আধাৰ প্ৰমাণীকৰণত অসমৰ ব্যতিক্ৰমী অৱদানৰ বাবে নতুন দিল্লীত DITECক সন্মানিত...

নতুন দিল্লীত ভাৰত মণ্ডপনত ভাৰতীয় একক চিনাক্তকৰণ প্ৰাধিকৰণে চমুকৈ UIDAIএ অনুষ্ঠিত কৰা ৰাষ্ট্ৰীয় পৰ্যায়ৰ এখনি আলোচনাচক্ৰৰ আয়োজন কৰে। “Aadhaar Samvaad”-শীৰ্ষক

author-image
Asomiya Pratidin
New Update
UJJ

UJJ Photograph: (UJJ)

ডিজিটেল ডেস্কঃ নতুন দিল্লীত ভাৰত মণ্ডপনত ভাৰতীয় একক চিনাক্তকৰণ প্ৰাধিকৰণে চমুকৈ UIDAIএ অনুষ্ঠিত কৰা ৰাষ্ট্ৰীয় পৰ্যায়ৰ এখনি আলোচনাচক্ৰৰ আয়োজন কৰে। “Aadhaar Samvaad”-শীৰ্ষক এই আলোচনা চক্ৰখনিত দেশৰ বিভিন্ন প্ৰান্তৰ গুৰুত্বপূৰ্ণ অংশীদাৰসকলক একত্ৰিত কৰি আধাৰৰ পৰিৱৰ্তনশীল ভূমিকা আৰু ইয়াৰ বিকাশশীল পৰিৱেশ তন্ত্ৰৰ ওপৰত আলোচনা কৰা হয়।

Advertisment
6d54c118-30d4-40b8-8a22-0af76bb36fee

এই গাম্ভীৰ্যপূৰ্ণ অনুষ্ঠানতে উত্তৰ-পূব অঞ্চলৰ আধাৰ প্ৰমাণীকৰণ (প্ৰমাণীকৰণ) পৰিৱেশ তন্ত্ৰক শক্তিশালী কৰাৰ ক্ষেত্ৰত দৃষ্টান্তমূলক ভূমিকা লোৱাৰ বাবে অসম চৰকাৰৰ তথ্য প্ৰযুক্তি, বৈদ্যুতিন আৰু যোগাযোগ বিভাগক স্বীকৃতিৰ প্ৰমাণ পত্ৰ প্ৰদান কৰা হয়। 

a1516fdf-6628-4231-be25-801ec075f522

 

বিভাগৰ হৈ এই বঁটা লাভ কৰে ডিটেক( DITEC)ৰ সঞ্চালক আই এ এছ শ্ৰীযুত অশ্বিনী কুমাৰে। এই স্বীকৃতিয়ে অসম আৰু  উত্তৰ-পূৰ্বাঞ্চলৰ সৰ্বাংগীন উন্নয়নক আগুৱাই নিয়াৰ বাবে ডিজিটেল আন্তঃগাঁথনি আৰু অধিক সুদৃঢ় কৰাত ডিটেকে অবিৰতভাৱে কাম কৰি যাব বুলি উল্লেখ কৰে অশ্বিনী কুমাৰে। 

 

নতুন দিল্লী