/asomiyapratidin/media/media_files/2025/03/30/ghXyiK4oAo3EDOz5Wk7R.jpg)
ডিজিটেল সংবাদ, খেৰণি : পশ্চিম কাৰ্বি আংলঙৰ ডংকামোকামত কেঁচুসাৰ উৎপাদনৰ প্ৰণালী, গোটা পেলনীয়া সমগ্ৰীৰ ব্যৱস্থাপনা আৰু বৰষুণৰ পানী সংৰক্ষণ বিষয়ক লৈ জিলা ভিত্তিক বিজ্ঞান কৰ্মশালাৰ আয়োজন কৰা হয়। দুদিনীয়া কাৰ্যসূচীৰে যোৱা শুক্ৰবাৰ আৰু শনিবাৰে ডংকামোকামস্থিত আদৰ্শ বিদ্যালয়ত অসম বিজ্ঞান প্ৰযুক্তিবিদ্যা আৰু পৰিৱেশ পৰিষদৰ উদ্যোগ আৰু অৰ্থসাহার্যৰ লগতে আৰ্যভট্ট বিজ্ঞান কেন্দ্ৰ, ৰংখাং খণ্ডৰ সহযোগত অনুষ্ঠিত কৰা হয় এই কৰ্মশালাৰ।
কৰ্মশালাত অংশগ্ৰহণ কৰা মুঠ ৩৫ খন বিদ্যালয়ৰ মুঠ ৭০ গৰাকী শিক্ষক-শিক্ষয়ত্ৰীক বিশেষকৈ পৰিৱেশ শিক্ষণ কাৰ্যসূচীৰ অংশ হিচাপে কেঁচুসাৰ উৎপাদনৰ প্ৰণালী আৰু এই উৎপাদিত জৈৱিক সাৰৰ ব্যৱহাৰেৰে কৃষক ৰাইজক কিদৰে লাভাম্বিত কৰিব পাৰি সেই সন্দৰ্ভত প্ৰশিক্ষণ দিয়ে। লগতে গোটা পেলনীয়া সমগ্ৰীৰক কিদৰে আন এক নতুন ৰূপ দি পুনৰ উচিত আৰু ব্যৱহাৰযোগ্য কৰিব পাৰি, আনহাতে বৰষুণৰ পানী সংৰক্ষণ আৰু ইয়াৰ প্ৰয়োজনীয়তা, ব্যৱহাৰিক মূল্য আদিৰ বিষয়েও বিশদভাৱে কৰ্মশালাৰ যোগেদি প্ৰশিক্ষণ প্ৰদান কৰে প্ৰশিক্ষকে।
অৱশ্যে গ্ৰামাঞ্চল, কৃষক পৰিয়ালৰ গৃহৰ উপৰিও বিদ্যালয়সমূহতো যাৱতীয় ব্যৱস্থা আদি কৰি কিদৰে কেঁচুসাৰ উৎপাদন আৰু পেলনীয়া সমগ্ৰীৰক কিদৰে আন এক নতুন ৰূপ দি পুনৰ উচিত আৰু ব্যৱহাৰযোগ্য কৰিব পাৰি, লগতে এইবোৰ উৎপাদিত সামগ্ৰী চাহিদা অনুযায়ী যোগানৰ ক্ষেত্ৰত কিদৰে সহায় কৰিব পৰা যায় সেই বিষয়ে কৰ্মশালাৰ জৰিয়তে আলোচনা কৰা হয়।
উল্লেখযোগ্য যে জিলা ন'ডেল এজেন্সী, ৰংখাং খণ্ডৰ সমন্নয়ক বীৰেন ডেকাই আঁত ধৰা কৰ্মশালাৰ কাৰ্যসূচী মুকলি কৰে শিলডুবি হাই স্কুলৰ শিক্ষক অমৰেন্দ্ৰ বৈশ্যই। অনুষ্ঠিত কৰ্মশালাত সমল ব্যক্তি তথা প্ৰশিক্ষক হিচাপে সুনীল বুঢ়াগোহাঁই, নন্দলাল যাদৱ, অতুল শৰ্মা আৰু অমৰেন্দ্ৰ বৈশ্যই সুন্দৰ আৰু সুদক্ষতাৰে উপস্থিত শিক্ষক-শিক্ষয়ত্ৰীক প্ৰশিক্ষণ প্ৰদান কৰি সকলোৰে সমাদৰ, শলাগ লাভ কৰাৰ লগতে সকলোৰে দৃষ্টি আকৰ্ষণ কৰে।
উল্লেখযোগ্য যে শিক্ষক-শিক্ষয়ত্ৰীসকলক কৰ্মশালাৰ অন্তিম পৰ্যায়ত প্ৰমানপত্ৰ প্ৰদান কৰাৰ লগতে এই কৰ্মশালা প্ৰতিখন বিদ্যালয়লৈ প্ৰসাৰিত কৰি সকলো ধৰণৰ ছাত্ৰ-ছাত্ৰীৰ মাজত পৰিৱেশ ৰক্ষা আৰু ভৱিষ্যত বহনক্ষম ব্যৱস্থাৰ বিষয়ে অৱগত কৰিবলৈ আহ্বান জনায় উদ্যোক্তাই ।