Advertisment

তিতাবৰত জিলা ভিত্তিক তৰ্ক প্ৰতিযোগিতা : শ্ৰেষ্ঠ তাৰ্কিক নমিতা বৰা

অসম জাতীয় বিদ্যালয় শিক্ষা সংসদৰ অন্তৰ্গত যোৰহাট জিলা জাতীয় বিদ্যালয় সমন্বয়ৰক্ষী সমিতিৰ উদ্যোগত আন্তঃ যোৰহাট জিলা জাতীয় বিদ্যালয় ভিত্তিক তৰ্ক প্ৰতিযোগিতাখন সোমবাৰে তিতাবৰৰ জ্ঞানদীপ জাতীয় বিদ্যালয়ত অনুষ্ঠিত হয়।

author-image
Asomiya Pratidin
New Update
তিতাবৰত জিলা ভিত্তিক তৰ্ক প্ৰতিযোগিতা : শ্ৰেষ্ঠ তাৰ্কিক নমিতা বৰা

তিতাবৰত জিলা ভিত্তিক তৰ্ক প্ৰতিযোগিতা : শ্ৰেষ্ঠ তাৰ্কিক নমিতা বৰা

ডিজিটেল সংবাদ, বেকাজান : অসম জাতীয় বিদ্যালয় শিক্ষা সংসদৰ অন্তৰ্গত যোৰহাট জিলা জাতীয় বিদ্যালয় সমন্বয়ৰক্ষী সমিতিৰ উদ্যোগত আন্তঃ যোৰহাট জিলা জাতীয় বিদ্যালয় ভিত্তিক তৰ্ক প্ৰতিযোগিতাখন সোমবাৰে তিতাবৰৰ জ্ঞানদীপ জাতীয় বিদ্যালয়ত অনুষ্ঠিত হয়। ধ্ৰুপদী ভাষাৰ স্বীকৃতিয়ে অসমীয়া ভাষাক সবল ৰূপে প্ৰতিষ্ঠা কৰাত সহায় কৰিব বিষয়ত অনুষ্ঠিত তৰ্ক প্ৰতিযোগিতাত বিশিষ্ট শিক্ষাব্ৰতী ডঃ বুদ্ধিন্দ্ৰ নাথ শইকীয়াই অধ্যক্ষৰ আসন অলংকৃত কৰে। 

Advertisment
তিতাবৰত জিলা ভিত্তিক তৰ্ক প্ৰতিযোগিতা
তিতাবৰত জিলা ভিত্তিক তৰ্ক প্ৰতিযোগিতা

 

মানবিশিষ্ট প্ৰতিযোগিতাখনিত ঢেকীয়াজুলি জাতীয় বিদ্যালয়ৰ নমিতা বৰা শ্ৰেষ্ঠ তাৰ্কিক, উত্তৰ পশ্চিম যোৰহাট জাতীয় বিদ্যালয়ৰ সমীৰ বৰুৱা দ্বিতীয় শ্ৰেষ্ঠ তাৰ্কিক আৰু জ্ঞানদীপ জাতীয় বিদ্যালয়ৰ ধৃতিতৃষ্ণা ঠাকুৰীয়া তৃতীয় শ্ৰেষ্ঠ তাৰ্কিক ৰূপে নিৰ্বাচিত হয়। প্ৰতিযোগিতাখনিত প্ৰাক্তন ৰাজ্যিক পয্যায়ৰ তাৰ্কিক তথা অসমৰ অগ্ৰণী তিতাবৰৰ কনচেপ্ট শৈক্ষিক প্ৰতিষ্ঠানৰ গাইডেন্স কাউন্সিলৰ নবাব মুস্তাফা আহমেদ আৰু যুৱ সংগঠক ডেইজী দাসে বিচাৰক হিচাপে অংশগ্ৰহণ কৰে। 

তিতাবৰত জিলা ভিত্তিক তৰ্ক প্ৰতিযোগিতা
তিতাবৰত জিলা ভিত্তিক তৰ্ক প্ৰতিযোগিতা

 

৩০গৰাকী শিক্ষাৰ্থী বক্তাই অংশগ্ৰহণ কৰা এই তৰ্ক প্ৰতিযোগিতাত প্ৰথম স্থান লাভ কৰা নমিতা বৰা আৰু দ্বিতীয় স্থান লাভ কৰা সমীৰ বৰুৱাই অসম জাতীয় বিদ্যালয় শিক্ষা সংসদে ২৭ জানুৱাৰীত আয়োজন কৰা ৰাজ্যিক পয্যায়ৰ তৰ্ক প্ৰতিযোগিতাত যোৰহাট জিলা জাতীয় বিদ্যালয় সমন্বয়ৰক্ষী সমিতিক প্ৰতিনিধিত্ব কৰিব। উল্লেখ্য যে প্ৰতিযোগিতা আৰম্ভৰ পূৰ্বে অধ্যক্ষ ডঃ বুদ্ধিন্দ্ৰ নাথ শইকীয়া, বিচাৰকদ্বয় ক্ৰমে নবাব মুস্তাফা আহমেদ আৰু ডেইজী দাসক জিলা সমন্বয়ৰক্ষী সমিতিৰ তৰফৰ পৰা সম্বৰ্ধনা জ্ঞাপন কৰা হয়। 

তিতাবৰত জিলা ভিত্তিক তৰ্ক প্ৰতিযোগিতা
তিতাবৰত জিলা ভিত্তিক তৰ্ক প্ৰতিযোগিতা

 

প্ৰতিযোগিতাখন সাফল্যমণ্ডিত কৰাৰ বাবে যোৰহাট জিলা জাতীয় বিদ্যালয় সমন্বয়ৰক্ষী সমিতিৰ হৈ সভাপতি ৰঞ্জিত গোহাঞিবৰুৱা, কাৰ্যকৰী সভাপতি ত্ৰিশূল শইকীয়া আৰু সম্পাদক সৌৰভ বৰাই সকলোকে কৃতজ্ঞতা জ্ঞাপন কৰে ।

titabor