/asomiyapratidin/media/media_files/2025/05/07/SyXTwZHxqqtfqzlaXcFb.jpg)
মক ড্ৰিল
ডিজিটেল সংবাদ, ধুবুৰী : সমগ্ৰ দেশৰ লগতে ধুবুৰী জিলা প্ৰশাসনৰ উদ্যোগত বুধবাৰে বিয়লি ৪-০০ বজাত ধুবুৰীৰ ৰজা প্ৰভাত চন্দ্ৰ বৰুৱা খেলপথাৰত জিলাভিত্তিক এয়াৰ ৰেইড মক ড্ৰিল অনুষ্ঠিত হ'ব। উল্লেখ্য যে আৰক্ষী, বিদ্যালয়, মহাবিদ্যালয়ৰ ছাত্ৰ- ছাত্ৰী, এনচিচি, অসাময়িক বিভাগ, স্বাস্থ্য বিভাগ, এছডিআৰএফ, তথ্য আৰু জনসংযোগ বিভাগে আজি এই জিলাভিত্তিক এয়াৰ ৰেইড মক ড্ৰিল অনুষ্ঠানত অংশগ্ৰহণ কৰিব।
লগতে যুদ্ধকালীন পৰিস্থিতিত কেনেকৈ প্ৰতিজন নাগৰিকে নিজৰ নিজৰ জীৱন ৰক্ষা কৰিব পাৰে তাৰ বিষয়ে বিভিন্ন আখৰাৰ প্ৰৰ্দশনী কৰিব। মকড্ৰিলৰ পিছত সন্ধিয়া ৭-০০ বজাৰ পৰা ৭-০৫ বজালৈ জিলাখনত ব্লেকআউট অনুশীলন কাৰ্যসূচী অব্যাহত থাকিব।
গতিকে উক্ত ব্লেকআউটৰ সময়ত জনসাধাৰণক ঘৰ বা বিভিন্ন স্থানৰ সকলো বিজুলী বাতি বন্ধ কৰি ৰখাৰ লগতে খিৰিকী আৰু পৰ্দা বন্ধ কৰি শান্ত হৈ সজাগ আৰু সচেতন থাকিবলৈ ধুবুৰী জিলা প্ৰশাসনে এক প্ৰেছ বাৰ্তাযোগে আহ্বান জনাইছে। তদুপৰি নিম্নলিখিত সজাগতামূলক নিয়মাৱলীসমূহ মানি চলিবলৈ অনুৰোধ জনাইছে।