ধেমাজি ডায়েটত জিলা পৰ্যায়ৰ যোগ অলিম্পিয়াড সম্পন্ন

জিলাখনৰ বিভিন্ন বিদ্যালয়ৰ মুঠ ৩২ গৰাকী ছাত্ৰ-ছাত্ৰীয়ে অংশগ্ৰহণ কৰা অনুষ্ঠানৰ পুৱা বন্তি প্ৰজ্বলনৰে কাৰ্য্যসূচীৰ শুভাৰম্ভ কৰে ডায়েটৰ অধ্যক্ষ মৌচুমী বৰদলৈ বৰুৱাই...

author-image
Asomiya Pratidin
New Update
ধেমাজি ডায়েটত জিলা পৰ্যায়ৰ যোগ অলিম্পিয়াড সম্পন্ন

ধেমাজি ডায়েটত জিলা পৰ্যায়ৰ যোগ অলিম্পিয়াড সম্পন্ন

ডিজিটেল সংবাদ, ধেমাজি : ধেমাজি জিলা শিক্ষা আৰু প্ৰশিক্ষণ প্ৰতিষ্ঠান চমুকৈ ডায়েটত বুধবাৰে এদিনীয়া কাৰ্য্যসূচীৰে জিলা পৰ্যায়ৰ যোগ অলিম্পিয়াড অনুষ্ঠিত হয়। জিলাখনৰ বিভিন্ন বিদ্যালয়ৰ মুঠ ৩২ গৰাকী ছাত্ৰ-ছাত্ৰীয়ে অংশগ্ৰহণ কৰা অনুষ্ঠানৰ পুৱা বন্তি প্ৰজ্বলনৰে কাৰ্য্যসূচীৰ শুভাৰম্ভ কৰে ডায়েটৰ অধ্যক্ষ মৌচুমী বৰদলৈ বৰুৱাই। 

Advertisment

আনহাতে অনুষ্ঠানৰ আঁত ধৰে জ্যেষ্ঠ প্ৰবক্তা ইন্দ্ৰজিৎ গাম আৰু জুৰিশ্মিতা শ্যামে ৷ যোগ অলিম্পিয়াড কাৰ্য্যসূচীত বিচাৰক হিচাপে উপস্থিত থাকে ধেমাজি জিলা যোগাসন ক্ৰীড়া সংস্থাৰ সম্পাদক পুলেন দাস, কাৰিকৰী সম্পাদক নৱজ্যোতি সোণোৱাল ৷ 

তাৰোপৰি খেলৰ অন্তত বুধবাৰে বিয়লি ডায়েটৰ প্ৰেক্ষাগৃহত অনুষ্ঠিত হোৱা বঁটা বিতৰণী সভাত ধেমাজি জিলা অতিৰিক্ত ড° সঞ্জীৱ কুমাৰ ফুকন, ধেমাজি জিলা যোগাসন ক্ৰীড়া সন্থাৰ পৃষ্ঠপোষক হেৰম্ব প্ৰসাদ দাস, ধেমাজি ডায়েটৰ অধ্যক্ষ মৌচুমী বৰদলৈ বৰুৱা, যোগাসন ক্ৰীড়া সন্থাৰ সম্পাদক পুলেন দাস আৰু কাৰিকৰী সম্পাদক নৱজ্যোতি সোণোৱালৰ লগতে জিলাখনৰ বিভিন্ন বিদ্যালয়ৰ শিক্ষক-শিক্ষয়ত্ৰী আৰু ছাত্ৰ -ছাত্ৰীসকল উপস্থিত থাকে ৷

বিভিন্ন বিদ্যালয়ৰ ছাত্ৰ-ছাত্ৰীৰ অংশগ্ৰহণ

উল্লেখযোগ্য যে, জিলাখনৰ ল’ৰা আৰু ছোৱালীৰ বাবে দুটা পৰ্য্যায়ত পৃথক পৃথকৈ প্ৰতিযোগিতা অনুষ্ঠিত হয় ৷ ষষ্ঠ শ্ৰেণীৰ পৰা অষ্টম শ্ৰেণীলৈকে উচ্চ প্ৰাথমিক স্তৰ আৰু নৱম শ্ৰেণীৰ পৰা দশম শ্ৰেণীলৈকে মাধ্যমিক স্তৰ পৰ্যায়ত অনুষ্ঠিত হোৱা অলিম্পিয়াড অনুষ্ঠানত বিচাৰক হিচাপে উপস্থিত থাকে পুলেন দাস , নৱজ্যোতি সোনোৱাল আৰু জোনমনি চাংমাই ৷ 

মূল্যায়ক আৰু সময়ৰক্ষক কাৰ্য্যত সহযোগিতা কৰে লাকী লালুং, ডিম্পী গোহাঁই, ৰঞ্জন চুতীয়া, জিমি সোণোৱাল, ঝৰ্ণা সোণোৱাল আৰু ৰিংকু সোণোৱালে ৷ ষষ্ঠ শ্ৰেণীৰ পৰা অষ্টম শ্ৰেণীলৈকে উচ্চ প্ৰাথমিক স্তৰৰ ছোৱালী শাখাৰ ফলাফলত বাটঘৰীয়া উচ্চতৰ মাধ্যমিক বিদ্যালয়ৰ তুৰিষ্ণা সোণোৱাল, হিমাদ্ৰী লাহন, লেনিনা সোণোৱাল আৰু মৰিধল মজলীয়া বিদ্যালয়ৰ ৰোজেৰাণী বুঢ়াগোহাঁইয়ে বঁটা লাভ কৰে ৷ 

একেদৰে ল’ৰাৰ শাখাত যোগেশ গোহাঁই, উচ্চ মাধ্যমিক বিদ্যালয়ৰ ভৰ্গব বৰুৱাগোহাঁই , নৱৰত্ন উচ্চ মাধ্যমিক বিদ্যালয়ৰ ভৈৰব কোঁৱৰ, মাটিখোলা মজলীয়া বিদ্যালয়ৰ পংকজ গগৈ আৰু বাটঘৰীয়া মজলীয়া বিদ্যালয়ৰ থমাচ দুৱৰীয়ে বঁটা পাবলৈ সক্ষম হয় ৷ 

বিভিন্ন বিদ্যালয়ৰ ছাত্ৰ-ছাত্ৰীৰ অংশগ্ৰহণ

আনহাতে মাধ্যমিক স্তৰৰ ছোৱালী শাখাত ঘুগুৱা উচ্চ মাধ্যমিক বিদ্যালয়ৰ ৰিম্পী গগৈ আৰু ধেমাজি ছোৱালী উচ্চতৰ মাধ্যমিক বিদ্যালয়ৰ হেপ্পী গগৈ, হিৰাৰুণ নৰহ আৰু পৰিশ্মিতা চুতীয়াই বঁটা লাভ কৰে ৷ একেদৰে ল'ৰাৰ শাখাত জীয়াঢল চাৰিআলি উচ্চ মাধ্যমিক বিদ্যালয়ৰ জুজু দাফলাৰী আৰু ধেমাজি উচ্চতৰ মাধ্যমিক বিদ্যালয়ৰ বিকাশ দাস আৰু ডেভিড গগৈয়ে বঁটা পাবলৈ সক্ষম হয়৷ 

বঁটা বিতৰণী সভাত উক্ত নিৰ্বাচিত খেলুৱৈসকলক অতিৰিক্ত জিলা আয়ুক্ত ড° সঞ্জীৱ কুমাৰ ফুকন আৰু জিলা যোগাসন ক্ৰীড়া সন্থাৰ পৃষ্ঠপোষক হেৰম্ব প্ৰসাদ দাস আৰু সভাৰ অতিথিসকলৰ দ্বাৰা বিজয়ী প্ৰশংসা পত্ৰ আৰু পদকসমূহ প্ৰদান কৰে ৷ সভাত অতিৰিক্ত জিলা আয়ুক্ত ড° সঞ্জীৱ কুমাৰ ফুকন আৰু জিলা যোগাসন ক্ৰীড়া সন্থাৰ পৃষ্ঠপোষক হেৰম্ব প্ৰসাদ আৰু জিলা যোগাসন ক্ৰীয়া সন্হাৰ সম্পাদক পুলেন দাসে খেলুৱৈসকলক উদ্দেশ্যি বক্তব্য প্ৰদান কৰে ৷ 

বিভিন্ন বিদ্যালয়ৰ ছাত্ৰ-ছাত্ৰীৰ অংশগ্ৰহণ

ইফালে উদ্যোক্তাসকলে জনোৱা মতে ধেমাজিৰ যোগ অলিম্পিয়াড মুঠ চাৰিগৰাকী খেলুৱৈয়ে ৰাজ্যিকলৈ নিৰ্বাচিত হৈছে ৷  শাখা ভিত্তিক নিৰ্বাচিত হোৱা চাৰিগৰাকী বিজয়ীয়ে গুৱাহাটীৰ ৰাজ্যিক শৈক্ষিক গৱেষণা আৰু প্ৰশিক্ষণ পৰিষদৰ দ্বাৰা আয়োজিত ৰাজ্যিক যোগ অলিম্পিয়াডত ধেমাজি জিলাক প্ৰতিনিধিত্ব কৰিব ৷

dhemaji