/asomiyapratidin/media/media_files/2025/02/11/uSgCcrODPcQIjOiFn6U3.jpg)
ডিজিটেল সংবাদ, চিৰাংঃ চিৰাং জিলাৰ সদৰ কাজলগাঁৱৰ সমীপৰ সুভাইঝাৰ হাই স্কুল খেলপথাৰত আজি দিনযোৰা কাৰ্যসূচীৰে চিৰাং জিলা পৰ্যায়ৰ খেল মহাৰণ- ২.০ অনুষ্ঠিত হয় । পুৱাৰ ভাগত জিলা আয়ুক্ত যতীন বৰা আৰু অন্যান্য আমন্ত্ৰিত অতিথি সকলৰ উপস্থিতিত পতাকা উত্তোলন আৰু শিখা প্ৰজ্বলন কৰি জিলা ভিত্তিক খেল মহাৰণৰ শুভ উদ্বোধন কৰে বিটিচি পৰিষদৰ অধ্যক্ষ কাতিৰাম বড়োই ।
আজিৰ এই খেল মহাৰণত চিৰাং জিলাৰ অন্তৰ্গত চিদলী আৰু বিজনী বিধানসভা সমষ্টিৰ মুঠ ৪২৬ গৰাকী খেলুৱৈ অংশগ্ৰহণ কৰে । উক্ত অনুষ্ঠানত এনচিচি কেডেট সকলে কুচকাৱাজৰো প্ৰদৰ্শন কৰে । তাৰ পিছত দুয়োটা বিধানসভাৰ খেলুৱৈ সকলক শপতগ্ৰহণ কৰোৱা হয় ।
ইয়াৰ পিছতেই আনুষ্ঠানিকভাবে আৰম্ভ হয় কাবাডী, ভলীবল, ফুটবল, চাইকেল চলোৱা, এথলেটিকছ আৰু দবা খেল প্ৰতিযোগিতা । আজিৰ এই খেল মহাৰণ উদ্বোধন কৰি বিটিচি অধ্যক্ষ কাতিৰাম বড়োৱে সংবাদ মাধ্যমৰ আগত কয় যে, ‘’ইমান দিনে গ্ৰামাঞ্চলৰ বহু সুপ্ত প্ৰতিভাবান খেলুৱৈ একমাত্ৰ নিজৰ শ্ৰেষ্ঠত্ব প্ৰদৰ্শন কৰাৰ সুযোগ পোৱা নাছিল কিন্তু এতিয়া এই খেল মহাৰণৰ জৰিয়তে গ্ৰাম্য অঞ্চলত প্ৰতিভাবান খেলুৱৈ সকলে নিজৰ প্ৰতিভা প্ৰদৰ্শন কৰিবলৈ সুযোগ লাভ কৰিছে ।‘’
তেওঁলোকে বিভিন্ন খেলৰ জৰিয়তেই ক্ৰীড়া ক্ষেত্ৰত আগুৱাই যোৱাৰ সুযোগ লাভ কৰাৰ লগতে অসম তথা বিটিচিৰ হৈ সুনাম অৰ্জন কঢ়িয়াই আনিবলৈ সক্ষম হ'ব বুলি মন্তব্য কৰে বিটিচি অধ্যক্ষ কাতিৰাম বড়োৱে। আজিৰ খেল মহাৰণৰ উদ্বোধনী কাৰ্য্যসূচীৰ লগত সংগতি ৰাখি বিভিন্ন নৃত্য গীতো প্ৰদৰ্শন কৰা হয় ।
উদ্বোধনী অনুষ্ঠানত চিৰাং জিলা আয়ুক্ত যতীন বৰা, বিটিচি খেল আৰু যুৱ কল্যাণ বিভাগৰ মুৰব্বী বিষয়া সৌমদৌন মুছাহাৰী আৰু বিভাগটোৰ উপ সচিব ৰিজেন ব্ৰহ্ম লগতে চিৰাং আৰু বিজনী ক্ৰিড়া সন্থাৰ বিষয়াববীয়া সকল উপস্থিত থাকে।