লখিমপুৰবাসীলৈ জিলা আইন সেৱা প্ৰাধিকৰণৰ তৰফৰ পৰা বিশেষ অনুৰোধ

ৰাষ্ট্ৰীয় আইনী সেৱা কৰ্তৃপক্ষ, মধ্যস্থাতা আৰু মিমাংসা প্ৰকল্প কমিটিৰ সৌজন্যত মহামান্য উচ্চতম ন্যায়ালয়ৰ নিৰ্দেশত সকলো লখিমপুৰবাসী ৰাইজলৈ লখিমপুৰ জিলা আইন সেৱা প্ৰাধিকৰণৰ তৰফৰ পৰা জনোৱা হৈছে এক বিশেষ অনুৰোধ।

author-image
Asomiya Pratidin
New Update
bcbcbcbb

ডিজিটেল ডেস্কঃ ৰাষ্ট্ৰীয় আইনী সেৱা কৰ্তৃপক্ষ (National Legal Services Authority (NALSA) আৰু মধ্যস্থাতা আৰু মিমাংসা প্ৰকল্প কমিটিৰ (Mediation and Conciliation Project Committee (MCPC))  সৌজন্যত মহামান্য উচ্চতম ন্যায়ালয়ৰ নিৰ্দেশত সকলো লখিমপুৰবাসী ৰাইজলৈ লখিমপুৰ জিলা আইন সেৱা প্ৰাধিকৰণৰ (District Legal Serviced Authority, Lakhimpur) তৰফৰ পৰা জনোৱা হৈছে এক বিশেষ অনুৰোধ।

Advertisment

লখিমপুৰৰ আদালতত চলি থকা গোচৰ যেনে- ১) বৈবাহিক বিবাদৰ গোচৰ, ২) দুৰ্ঘটনা দাবীৰ গোচৰ, ৩) ঘৰুৱা হিংসাৰ গোচৰ, ৪) চেক বাউঞ্চৰ গোচৰ, ৫) বাণিজ্য বিবাদৰ গোচৰ, ৬) সেৱা বিষয়ৰ গোচৰ, ৭) অপৰাধমূলক সংযুক্ত গোচৰ, ৮) গ্ৰাহকৰ বিবাদ গোচৰ, ৯) ঋণ আদায়ৰ গোচৰ, ১০) বিভাজৰ গোচৰ, ১১) উচ্ছেদৰ গোচৰ, ১২) ভূমি অধিগ্ৰহণৰ গোচৰ, ১৩) অন্যান্য উপযুক্ত নাগৰিকৰ গোচৰ, এনেধৰণৰ গোচৰ যদি লখিমপুৰৰ আদালতত চলি আছে সেই গোচৰসমূহ নিস্পত্তি কৰিবৰ বাবে আহা ৩১ জুলাই, ২০২৫ তাৰিখৰ ভিতৰত লখিমপুৰৰ আদালতসমূহত যোগাযোগ কৰিবলৈ অনুৰোধ জনোৱা হৈছে। লগতে অধিক জানিবৰ বাবে লখিমপুৰ জিলা আইন সেৱা প্ৰাধিকৰণৰ নিদ্ধাৰিত ৬৯০১২৮১৬৩৯ নম্বৰত যোগাযোগ কৰিব পাৰিব অথবা lakhimpurdlsamediation@gmai.com  ই-মেইল কৰিবলৈ ৰাইজক আহ্বান জনায়।

লখিমপুৰ