জিলা আইন সেৱা প্ৰাধিকাৰী নগাঁৱৰ উদ্যোগত পীড়িত লোকক অৰ্থ সাহায্যৰ চেক প্ৰদান

নগাঁও জিলা আইন সেৱা প্ৰাধিকাৰীৰ উদ্যোগত সোমবাৰে নগাঁও জিলা আদালত চৌহদৰ প্ৰাংগনত জিলাখনৰ ভিন্ন প্ৰান্তৰ বিভিন্ন কাৰণত পীড়িত লোক সকলৰ মাজত অৰ্থ সাহায্যৰ চেক প্ৰদান কৰা হয় ৷

author-image
Asomiya Pratidin
New Update
জিলা আইন সেৱা প্ৰাধিকাৰী নগাঁৱৰ উদ্যোগত পীড়িত লোকক অৰ্থ সাহায্যৰ চেক প্ৰদা

পীড়িত লোকক অৰ্থ সাহায্যৰ চেক প্ৰদান

ডিজিটেল সংবাদ,বেবেজীয়া : নগাঁও জিলা আইন সেৱা প্ৰাধিকাৰীৰ উদ্যোগত সোমবাৰে নগাঁও জিলা আদালত চৌহদৰ প্ৰাংগনত জিলাখনৰ ভিন্ন প্ৰান্তৰ বিভিন্ন কাৰণত পীড়িত লোক সকলৰ মাজত অৰ্থ সাহায্যৰ চেক প্ৰদান কৰা হয় ৷ এই অৰ্থ সাহায্যৰ চেক প্ৰদান কাৰ্যসূচীত আজি সৰ্ব্বমুঠ ৩৯ গৰাকী পীড়িত লোক আৰু তেওঁলোকৰ পৰিয়ালৰ মাজত  ১,০৪৩,৯৫০০ টকাৰ অৰ্থ সাহায্যৰ চেক সমূহ প্ৰদান কৰা হয় ৷

Advertisment
জিলা আইন সেৱা প্ৰাধিকাৰী নগাঁৱৰ উদ্যোগত পীড়িত লোকক অৰ্থ সাহায্যৰ চেক প্ৰদান
অৰ্থ সাহায্যৰ চেক প্ৰদান

 

জিলা আইন সেৱা প্ৰাধিকাৰী নগাঁৱৰ সম্পাদিকা মুনমী নেওঁগে সামগ্ৰীকভাৱে আঁত ধৰা অৰ্থ সাহায্য প্ৰদানৰ অনুষ্ঠানটিত নগাঁও জিলা ও সত্ৰ ন্যায়াধীশ তথা জিলা আইন সেৱা প্ৰাধিকাৰীৰ অধ্যক্ষ বিশ্বজিৎ চক্ৰৱৰ্তী,মুখ্য ন্যায়িক দণ্ডাধীশ প্ৰণৱ শৰ্মাকে প্ৰমুখ্য কৰি নগাঁও আদালতৰ অন্যান্য অধিষ্ঠাতা বিষয়াসকল উপস্থিত থাকে ৷

Bebejia