ধুবুৰীত জিলা কংগ্ৰেছৰ প্ৰতিবাদ…

ধুবুৰী জিলা কংগ্ৰেছৰ উদ্যোগত শুকুৰবাৰে কংগ্ৰেছৰ কৰ্মকৰ্তাসকলে ধুবুৰী ৰাজীৱ ভৱনৰ পৰা প্ৰতিবাদী সমদল উলিয়ায়। সাংসদ ৰকিবুল হুছেইনক দুৰ্বৃত্তই আক্ৰমণ কৰাকলৈ বাহিৰ কৰা হয় এই সমদল

author-image
Asomiya Pratidin
আপডেট কৰা হৈছে
New Update
ধুবুৰীত জিলা কংগ্ৰেছৰ প্ৰতিবাদ

ধুবুৰীত জিলা কংগ্ৰেছৰ প্ৰতিবাদ

ডিজিটেল সংবাদ, ধুবুৰী : ধুবুৰী জিলা কংগ্ৰেছৰ উদ্যোগত শুকুৰবাৰে কংগ্ৰেছৰ কৰ্মকৰ্তাসকলে ধুবুৰী ৰাজীৱ ভৱনৰ পৰা প্ৰতিবাদী সমদল উলিয়ায়। সাংসদ ৰকিবুল হুছেইনক দুৰ্বৃত্তই আক্ৰমণ কৰাকলৈ বাহিৰ কৰা হয় এই সমদল। 

Advertisment
প্ৰতিবাদ
প্ৰতিবাদ

এই সমদলত প্ৰতিবাদকাৰীসকলে বিজেপি চৰকাৰ হায় হায়, ৰকিবুল হুছেইনৰ আক্ৰমণকাৰীক গ্ৰেপ্তাৰ কৰক, বিজেপিৰ গুণ্ডাগিৰি নচলিব আদি ধ্বনিৰে উত্তাল প্ৰতিবাদ সাব্যস্ত কৰে। অৱশ্যে আদবাটতে প্ৰতিবাদকাৰীসকলক আৰক্ষীয়ে বাধা প্ৰদান কৰা বুলি জানিব পৰা গৈছে ।  

প্ৰতিবাদ
প্ৰতিবাদ

উল্লেখযোগ্য যে জিলা আয়ুক্ত কাৰ্যালয়লৈ ৰওনা হোৱাৰ সময়তে ৰাজীৱ ভৱনৰ সন্মুখত বাধা দিয়ে আৰক্ষীয়ে।

protest rakibul hussain assam congress