/asomiyapratidin/media/media_files/2025/04/19/VrGn5nFCdSkZsXuwx5QQ.jpg)
দাদুল বৰকাকতিৰ বিৰুদ্ধে উত্থাপন হৈছে ভয়ংকৰ অভিযোগ
ডিজিটেল সংবাদ, জামুগুৰিহাট: শোণিতপুৰ জিলা কংগ্ৰেছৰ সভাপতি দাদুল বৰকাকতিৰ বিৰুদ্ধে উত্থাপন হৈছে ভয়ংকৰ অভিযোগ। সভাপতিগৰাকীৰ বিৰুদ্ধে বিষ্ফোৰক মন্তব্য কৰিছে নদুৱাৰ ব্লক যুৱ কংগ্ৰেছৰ সভাপতি ভাস্কৰ শইকীয়াই ৷ শনিবাৰে জামুগুৰিহাটত এক সংৱাদমেলৰ জৰিয়তে জিলা সভাপতি দাদুল বৰকাকতীয়ে পঞ্চায়ত নিৰ্বাচনক কেন্দ্ৰ কৰি ধনৰ এক বৃহৎ বজাৰ পতাৰ কথা উল্লেখ কৰাৰ লগতে জিলা পৰিষদৰ প্ৰাৰ্থী দিয়াৰ নামত তেওঁৰ পৰাও পাঁচ লাখ টকা দাবী কৰা কথা উল্লেখ কৰে ৷
লগতে "একোজন ৱাৰ্ড মেম্বাৰৰ পৰা হেজাৰ হেজাৰ টকা আদায় কৰি শেষত প্ৰাৰ্থীসমূহৰ মনোনয়নপত্ৰ নাকচ হোৱাত এতিয়া সভাপতি গৰাকীয়ে পলায় পত্ৰং দিয়া" বুলি মন্তব্য কৰে ৷ "নদুৱাৰ সমষ্টিত চকী এখনত বহিবলৈও কংগ্ৰেছৰ মানুহ নাই" বুলি মন্তব্য কৰি ব্লক যুৱ কংগ্ৰেছৰ সভাপতি গৰাকীয়ে আৰু কয়- "নদুৱাৰ সমষ্টিত কংগ্ৰেছে নিৰ্বাচন বৰ্জন কৰা নাই ,ৰাইজেহে কংগ্ৰেছক বৰ্জন কৰিছে ৷ আচলতে নদুৱাৰত কংগ্ৰেছৰ সংগঠন বুলিবলৈ এটা ডাঙৰ শূন্য ৷ কংগ্ৰেছ কৰি মই জেলৰ ভাত খাই আহিলো,তাৰ পাচতো মোক লৈ টকাৰ দালালী জিলা সভাপতি দাদুল বৰকাকতিয়ে৷ ৷ মুখ লজ্জা ঢাকিবলৈকে নদুৱাৰ সমষ্টিত তেওঁক শাৰিৰীক আক্ৰমন কৰা বুলি নাটক ৰচিলে এইগৰাকী সভাপতিয়ে ৷ মনোনয়ন পত্ৰ দিবলৈ অহা কোনো কংগ্ৰেছীকে কোনোৱে বাধা দিয়া নাই ৷ কংগ্ৰেছ দলত আচলতে মনোনয়ন দিবলৈ মানুহেই নাই" বুলি উল্লেখ কৰি নদুৱাৰ ব্লক যুৱ কংগ্ৰেছৰ সভাপতি গৰাকীয়ে ৰাজ্যিক সভাপতি ভূপেন বৰাক সকলো কথা পৰ্যালোচনা কৰি নদুৱাৰ সমষ্টিত কংগ্ৰেছৰ সাংগঠনিক ভেটী শক্তিশালী কৰি তোলাৰ দাবী জনায় ৷