/asomiyapratidin/media/post_attachments/asomiyapratidin/2022-09/25ecb18d-0e25-4ca2-9d6e-f6a7231e0d96/morcha.jpg)
dhakuakhana bjp morcha meeting
ডিজিটেল সংবাদ, ঢকুৱাখনাঃ ভাৰতীয় জনতা পাৰ্টিৰ ঢকুৱাখনা জিলা সমিতিৰ অন্তৰ্গত ঢকুৱাখনা জিলা মহিলা মৰ্চাৰ বৃহস্পতিবাৰে দ্বিতীয়খন কাৰ্যনিৰ্বাহক সভা অনুষ্ঠিত হয়। ঢকুৱাখনা বিধানসভা সমষ্টিৰ বগীনদী বি জে পিৰ মাণ্ডলিক কাৰ্যালয়ত অনুষ্ঠিত কাৰ্যনিৰ্বাহক সভাৰ পূৰ্বে দলীয় পতাকা উত্তোলন কৰে জিলা মৰ্চাৰ সভানেত্ৰী সংগীতা বৰবৰাই ।
ইয়াৰ পাছতে বন্তি প্ৰজ্বলন কাৰ্যসূচী অনুষ্ঠিত কৰা হয়। জিলা মহিলা মৰ্চাৰ ৭২ গৰাকী কাৰ্যনিৰ্বাহক সদস্য উপস্থিত থকা সভাত আদৰণি ভাষণ আগবঢ়াই জিলা মহিলা মৰ্চাৰ সভানেত্ৰী সংগীতা বৰবৰাই । ৰাজ্যিক মহিলা মৰ্চাৰ সম্পাদিকা তথা ঢকুৱাখনা জিলা মহিলা মৰ্চাৰ তত্বাৱধায়িকা গীতুমনি বৰা , ঢকুৱাখনা জিলা বি জে পিৰ সভাপতি প্ৰদীপ চমুৱা , বগীনদী মণ্ডল বি জে পিৰ সভাপতি দীন মণি মহন্ত ,জিলা মহিলা মৰ্চাৰ প্ৰভাৰী তথা ৰাজ্যিক সদস্যা মঞ্জু পেগু আদিয়ে সভাত বক্তব্য ৰাখি দলটোৰ সাংগঠনিক ভেঁটি মজবুত কৰাত নাৰী শক্তিৰ ভূমিকা সন্দৰ্ভত বিশ্লেষণাত্মক বক্তব্য আগবঢ়াই । এই ক্ষেত্ৰত মহিলা মৰ্চাৰ কৰণীয় অধিক বুলি মন্তব্য কৰে ।
ৰাজ্যিক মহিলা মৰ্চাৰ সদস্যাদ্বয় কল্পনা ভৰালী,ৰুক্মিনী কুলি পাতিৰ, জিলা মৰ্চাৰ সাধাৰণ সম্পাদ্বিকাদ্বয় ৰীতা, সোনোৱাল,পিংকুমনি হাজৰিকা, লখিমপুৰ জিলা পৰিষদৰ সভানেত্ৰী মঞ্জু বৰগোহাঁই , জিলা পৰিষদৰ সদস্যা ৰেৱতী কমান , জিলা সামাজিক মাধ্যম কোষৰ সম্পাদিকা কৰবী পেগু দলে আদিয়ো উপস্থিত থকা কাৰ্যনিৰ্বাহক সভাত তত্বাৱধায়িকা গীতুমনি বৰাই সাম্প্ৰতিক সময়ত সামাজিক মাধ্যমৰ সঠিক ব্যৱহাৰ , জন সজাগতা সৃষ্টিত এই সামাজিক মাধ্যমৰ প্ৰয়োজনীয়তা আৰু জিলা সামাজিক মাধ্যম কোষৰ সক্ৰিয়তা সন্দৰ্ভত পৰামৰ্শমূলক বক্তব্য আগবঢ়াই ।