/asomiyapratidin/media/media_files/2025/07/04/308-2025-07-04-22-41-40.jpg)
ডিজিটেল সংবাদ, ওদালগুৰি : সমগ্ৰ বিটিআৰত চলি আছে প্ৰথম বাৰ্ষিক চিইএম কাপ ফুটবল ২০২৫ প্ৰতিযোগিতা। শুকুৰবাৰে ওদালগুৰি জিলা ভিত্তিক অনুষ্ঠিত প্ৰতিযোগিতাখনিৰ চূড়ান্ত খেলখন অনুষ্ঠিত হৈ যায়।
চূড়ান্ত খেলত ১-০ গলৰ ব্যৱধানত ধনশ্ৰীক পৰাস্ত কৰে ভেৰগাওঁৱে। ভেৰগাওঁৰ হৈ একমাত্ৰ ৫৫ মিণিটত গলটো দিয়ে জৰ্জ উইলিয়াম তপ্নয়ে।
আজি বিয়লি প্ৰায় ৩-৪৫ বজাত ওদালগুৰি ষ্টেডিয়ামত অনুষ্ঠিত চূড়ান্ত খেলখন উদ্বোধন কৰে বিটিচিৰ মূখ্য কাৰ্যবাহী সদস্য প্ৰমোদ বড়োৱে। তেখেতে উদ্বোধনী ভাষণ প্ৰদান কৰি কয়, "বিটিআৰ অঞ্চলত ফুটবল খেলটো এতিয়া উৎসৱৰ দৰে হৈ পৰিছে। এইবেলি প্ৰথম বাৰৰ বাবে বিটিআৰত এই চিইএম কাপ ফুলবল অনুষ্ঠিত হৈছে। প্ৰথম বছৰ হিচাপে অলপ খেলিমেলি হোৱাটো স্বাভাৱিক। কিন্তু আগন্তুক বছৰসমূহত আমি ইয়াতকৈ ভালদৰে এই প্ৰতিযোগিতাখনি অনুষ্ঠিত কৰিম।
অহা ১৫ জুলাইত চিইএম কাপৰ মূল চূড়ান্ত খেলখন কোকৰাঝাৰত অনুষ্ঠিত হ'ব। ইয়াৰ পাছতেই বিটিআৰৰ কোকৰখঝাৰত ডুৰাণ্ড কাপ ফুটবল আৰম্ভ হ'ব। কম দিনৰ ভিতৰতে বিটিআৰত পুৰুষ আৰু মহিলাৰ বাবে পৃথকে পৃথকে ফুটবল একাডেমী স্থাপন কৰিবলৈ আগবাঢ়িছো।
চিইএম কাপত সুন্দৰ প্ৰদৰ্শন দাঙি ধৰা খেলুৱৈক আমি ডুৰাণ্ড কাপত খেলাৰ সুযোগ দিয়াৰ আশা কৰিছো। বিটিআৰত ফুটবল খেলি বহুত খেলুৱৈয়ে চাকৰি লাভ কৰিবলৈ সক্ষম হোৱাৰ লগতে ৰাষ্ট্ৰীয় পৰ্যায়ত ফুটবল খেলাৰ সুযোগ লাভ কৰিছে। এই খেলৰ বাবেই আজিৰ যুৱ প্ৰজন্ম ড্ৰাগছকে ধৰি বিভিন্ন বিপথে পৰিচালিত হ'ব পৰা পথৰ পৰা আতৰি আহিব।"
গতিকে সকলোকে ফুটবল খেলাৰ প্ৰতি আকৰ্ষণ বৃদ্ধিৰ বাবে তেখেতে আগবাঢ়ি আহিবলৈ আহ্বান জনায়। আজিৰ এই চূড়ান্ত খেলখনত বিটিচিৰ ক্ৰীড়া বিভাগৰ কাৰ্যবাহী সদস্য দাওবৈছা বড়ো, আন এগৰাকী কাৰ্যবাহী সদস্য নিলোৎ স্বৰ্গীয়াৰী, পাৰিষদ সঞ্জয় স্বৰ্গীয়াৰী, ক্ৰীড়া বিষয়া সঞ্জয় দৈমাৰী, পৌৰপতি ৰাকেশ বড়োকে প্ৰমূখ্য কৰি ফুটবল এছ'চিয়েচন, ইউপিপিএলৰ বিষয়ববীয়া আৰু কেইবা শতাধিক দৰ্শক উপস্থিত থাকে।