/asomiyapratidin/media/media_files/2025/08/06/24-2025-08-06-21-11-53.jpg)
ডিজিটেল সংবাদ, বটদ্ৰৱা : নাৰী শিক্ষাৰ সবলীকৰণ আৰু বাল্য বিবাহৰ দৰে সামাজিক ব্যাধি প্ৰতিৰোধৰ ক্ষেত্ৰত অসম চৰকাৰে প্ৰৱৰ্তন কৰা অভিলাষী আঁচনি "মুখ্যমন্ত্ৰীৰ নিযুত মইনা ২.০" ৰ আবেদন পত্ৰ বিতৰণ কাৰ্যসূচী বুধবাৰে সমগ্র অসমৰ সমান্তৰালকৈ নগাঁও জিলাৰ বটদ্ৰৱা শ্ৰী শ্ৰী শংকৰদেৱ মহাবিদ্যালয়ত অনুষ্ঠিত কৰা হয়। এই উপলক্ষে আয়োজিত অনুষ্ঠানটিত গুৱাহাটী বিশ্ববিদ্যালয়ত কেন্দ্ৰীয়ভাৱে অনুষ্ঠিত হোৱা কাৰ্যসূচী আৰু মুখ্যমন্ত্ৰীৰ ভাষণৰ পোনপটীয়া সম্প্ৰচাৰ প্ৰদৰ্শন কৰা হয়।
বটদ্ৰৱা শ্ৰীশ্ৰী শংকৰদেৱ মহাবিদ্যালয়ৰ অধ্যক্ষা ড০ নমিতা কলিতাৰ সঞ্চালনাত অনুষ্ঠিত অনুষ্ঠানটিত মহাবিদ্যালয়খনৰ ছাত্ৰীসকলক "মুখ্যমন্ত্ৰীৰ নিযুত মইনা আঁচনি ২.০"ৰ আৰ্থিক অনুদানৰ আবেদন পত্ৰসমূহ আনুষ্ঠানিকভাৱে বিতৰণ কৰা হয়। উক্ত অনুষ্ঠানত মুখ্য অতিথি ৰূপে অংশ গ্ৰহণ কৰি খাগৰিজান উন্নয়ন খণ্ডৰ আঞ্চলিক পঞ্চায়তৰ সভাপতি ৰাণা বৰাই অসম চৰকাৰে ছাত্ৰী সকলৰ বাবে গ্ৰহণ কৰা এই অভিলাষী আঁচনিখনৰ বাবে মুখ্যমন্ত্ৰীক আন্তৰিক ধন্যবাদ জ্ঞাপন কৰে।
বটদ্ৰৱা শ্ৰী শ্ৰী শংকৰদেৱ মহাবিদ্যালয়ৰ কৰ্মচাৰী বিনোদ বৰাই আঁত ধৰা অনুষ্ঠানটিত বটদ্ৰৱা শ্ৰী শ্ৰী শংকৰদেৱ মহাবিদ্যালয়ৰ উপাধ্যক্ষ দেৱজিৎ মহন্ত, বটদ্ৰৱা উন্নয়ন খণ্ডৰ খণ্ড উন্নয়ন বিষয়া মনিতা দাস ৰংহাং, ৰাইডঙীয়া বটদ্ৰৱা আঞ্চলিক পঞ্চায়তৰ সদস্যা স্মৃতা বৰাৰ লগতে মহাবিদ্যালয়ৰ অধ্যাপক অধ্যাপিকা, কৰ্মচাৰী, আৰু ছাত্ৰীসকল উপস্থিত থাকে।