/asomiyapratidin/media/media_files/2025/02/24/C160A7kv94qxCswl6i67.jpg)
ধেমাজিত দিব্যাংগ শিক্ষাৰ্থীক হুইল চেয়াৰ বিতৰণ
ডিজিটেল সংবাদ, ধেমাজি : ধেমাজিৰ সমগ্ৰ শিক্ষাৰ উদ্যোগত তথা জিলা শিক্ষাখণ্ডৰ সহযোগত সোমবাৰে ৫০ গৰাকীতকৈ অধিক দিব্যাংগ শিক্ষাৰ্থীক বিভিন্ন সঁজুলি বিতৰণ কৰা হয়। ধেমাজি টাউন বিদ্যাপীঠ হাইস্কুলত আয়োজিত এক গাম্ভীৰ্যপূৰ্ণ অনুষ্ঠানত শিক্ষাৰ্থীসকলৰ মাজত সহায়ক সা-সঁজুলি, ট্ৰাই চাইকেল, হুইল চেয়াৰ, চিপি চেয়াৰ আদি বিতৰণ কৰা হয় ।
/asomiyapratidin/media/media_files/2025/02/24/ccbiwfOChuvGLcirNwuS.jpg)
উক্ত কাৰ্য্যসূচীত ধেমাজি জিলাৰ শিক্ষা বিভাগৰ অতিৰিক্ত আয়ুক্ত ড° সঞ্জীৱ কুমাৰ ফুকন, ধেমাজি উন্নয়ন প্ৰাধিকৰণৰ অধ্যক্ষ তোলন কোঁৱৰ, ধেমাজি জিলা আঁচনি বিষয়া অৱনি নাথ, ধেমাজি খণ্ড প্ৰাথমিক শিক্ষা বিষয়া বনমালী পেগুকে আদি কৰি শিক্ষা বিভাগৰ অন্যান্য বিষয়া কৰ্ম্মচাৰী আৰু পিতৃ- মাতৃসকল উপস্থিত থাকে ।