/asomiyapratidin/media/media_files/2025/02/20/zw1pRTdUGk5XFig8U3ox.jpg)
শতাধিক দিব্যাংগ শিশুৰ মাজত বিভিন্ন সামগ্ৰী বিতৰণ
ডিজিটেল সংবাদ, বেবেজীয়া : মৰিগাঁও জিলাৰ কপিলী শিক্ষা খণ্ডৰ অন্তৰ্গত জালুগুটিস্থিত খণ্ড সমল কেন্দ্ৰত বৃহস্পতিবাৰে কপিলী, মায়ং, ভূৰবন্ধা আৰু লাহৰিঘাট শিক্ষাখণ্ডৰ ১০৮ গৰাকী দিব্যাংগ শিশুৰ মাজত হুইল চেয়াৰ আৰু চলন-ফুৰণ সুকলমে কৰিব পৰা সঁজুলি, মানসিকভাৱে দিব্যাংগ শিশুৰ বিভিন্ন সঁজুলি বিতৰণ কৰা হয়। বিতৰণী অনুষ্ঠানৰ আনুষ্ঠানিকভাৱে শুভাৰম্ভ কৰে মৰিগাঁৱৰ অতিৰিক্ত আয়ুক্ত(শিক্ষা)অনুসূয়া শৰ্মাই।
অনুষ্ঠানটি শুভাৰম্ভ কৰি শৰ্মাই কয়- দিব্যাংগ শিশুক সমাজৰ কোনোৱে অৱহেলা কৰা উচিত নহয়। এজন সাধাৰণ শিশুৰ দৰে তেওঁলোকো শিক্ষাৰ ক্ষেত্ৰত আগুৱাই যাব লাগিব আৰু তাৰ বাবে ঘৰখনত উপযুক্ত শিশুসকলক পৰিচৰ্যা-যতন অভিভাৱকে কৰিব লাগিব।
অনুষ্ঠানটিত উপস্থিত থাকি মৰিগাঁও জিলা বিদ্যালয়সমূহৰ পৰিদৰ্শক তথা জিলা প্ৰাথমিক শিক্ষা বিষয়া অপূৰ্ব ঠাকুৰীয়াই কয়- দিব্যাংগ শিশুৰ অন্তৰ্নিহিত বিশেষ প্ৰতিভা আছে। হুইল চেয়াৰত বহি থাকিও বহু দিব্যাংগই পেৰা অলিম্পিক খেলিছে, বৌদ্ধিক ক্ষেত্ৰতো বহুতে প্ৰতিভাৰ পৰিচয় দিছে। ভগৱানে তেওঁলোকৰ মগজুত বিশেষ বিশেষ প্ৰতিভা দিছে। সেইসমূহ চিনাক্ত কৰি তেওঁলোকক আমি আগুৱাই নিব লাগিব।
একেদৰে আহিলা বিতৰণ অনুষ্ঠানটিত সমগ্ৰ শিক্ষাৰ মৰিগাঁও জিলা আঁচনি বিষয়া লক্ষীনন্দন শইকীয়াই দিব্যাংগসকলৰ বাবে চৰকাৰে আগবঢ়োৱা বিভিন্ন আঁচনিৰ যেনে- পৰিবহন ব্যয়,তত্ত্বাবধান আৰু পৰিচৰ্য্যা ব্যয়, পুষ্টিবৰ্ধক খাদ্য মূল্য, কন্যা শিশুৰ জলপানি, চেনেহা স্পৰ্শ আঁচনি আদিৰ বিষয়ে বাখ্যা কৰে।
উল্লেখ্য যে, মৰিগাঁও জিলাৰ অন্তৰ্গত কপিলী শিক্ষাখণ্ডৰ ১৪ গৰাকী, মায়ং শিক্ষাখণ্ডৰ ২২ গৰাকী, ভুৰবন্ধা শিক্ষা খণ্ডৰ ৩৯ গৰাকী আৰু লাহৰিঘাট শিক্ষা খণ্ডৰ ৩৩ গৰাকী দিব্যাংগ শিশুক হুইল চেয়াৰ, হুইল চেয়াৰ কম'ড, চলন-ফুৰণ সুকলমে কৰা সঁজুলি আদি বিতৰণ কৰা হয়। অনুষ্ঠানটিত কপিলী শিক্ষা খণ্ডৰ খণ্ড প্ৰাথমিক শিক্ষা বিষয়া বিজয় ক'ৰ, সমন্বিত শিক্ষা শাখাৰ সমল ব্যক্তি ক্ৰমে জুন বৰা, গিৰেণ বৰা, মুনিন শৰ্মা, বিপ্লৱ খাউণ্ডকে ধৰি অন্যান্য কৰ্মচাৰী, দিব্যাংগ শিশুসকলৰ পিতৃ-মাতৃ তথা অভিভাৱকসকল উপস্থিত থাকে।