৪০৩ নং কন্দলী দৰঙ্গীয়াল প্ৰাথমিক বিদ্যালয়ত বস্ত্ৰ আৰু কিতাপ বিতৰণ

বস্ত্ৰ প্ৰদান অনুষ্ঠানত বিদ্যালয়খনৰ প্ৰধান শিক্ষক পুলিন চন্দ্ৰ ভট্টাচাৰ্য, সহকাৰী শিক্ষক পংকজ মৌলিক , বস্ত্ৰ ভঁৰালৰ সভাপতি তথা নগাঁও নাগৰিক সভাৰ সম্পাদক বিৰিঞ্চি বৰা আৰু উপদেষ্টা শিশুবন্ধু দুলাল বৰা উপস্থিত থাকে।

author-image
Asomiya Pratidin
New Update
৪০৩ নং কন্দলী দৰঙ্গীয়াল প্ৰাথমিক বিদ্যালয়ত বস্ত্ৰ আৰু কিতাপ বিতৰণ

৪০৩ নং কন্দলী দৰঙ্গীয়াল প্ৰাথমিক বিদ্যালয়ত বস্ত্ৰ আৰু কিতাপ বিতৰণ

ডিজিটেল সংবাদ, নগাঁও : ৪০৩ নং কন্দলী দৰঙ্গীয়াল প্ৰাথমিক বিদ্যালয়ত বস্ত্ৰ ভঁৰালৰ তৰফৰ পৰা বিনামূলীয়া নতুন কাপোৰ আৰু কিতাপ যোগান ধৰা হয়। বস্ত্ৰ প্ৰদান অনুষ্ঠানত বিদ্যালয়খনৰ প্ৰধান শিক্ষক পুলিন চন্দ্ৰ ভট্টাচাৰ্য, সহকাৰী শিক্ষক পংকজ মৌলিক , বস্ত্ৰ ভঁৰালৰ সভাপতি তথা নগাঁও নাগৰিক সভাৰ সম্পাদক বিৰিঞ্চি বৰা আৰু উপদেষ্টা শিশুবন্ধু দুলাল বৰা উপস্থিত থাকে।

Advertisment

সভাপতি বিৰিঞ্চি বৰাই জানিবলৈ দিয়া মতে ২০১৭ চনৰ পৰা দৰিদ্ৰ আৰু আৰ্তজনৰ মাজত বস্ত্ৰ প্ৰদানৰ লগতে প্ৰাকৃতিক দুৰ্যোগত সাহাৰ্য আগবঢ়াই অহা বেচৰকাৰী সংস্থাটোৱে বঢ়মপুৰ সমষ্টিৰ প্ৰান্তীয় অঞ্চলত অৱস্থিত প্ৰাথমিক বিদ্যালয়খনিৰ প্ৰায় ৬৫ জন ছাত্ৰ- ছাত্ৰীৰ মাজত নতুন কাপোৰ আৰু সাহিত্যৰথী লক্ষ্মীনাথ বেজবৰুৱাদেৱৰ বুঢ়ী আইৰ সাধু, বাখৰ, কামত কীৰ্তিত্ব লভিবৰ সংকেত, সত্যনাথ বৰাৰ সাৰথি, মহিম বৰাৰ লাচিত বৰফুকন, তোষপ্ৰভা কলিতাৰ আমাৰ ঘৰখনকে আদি কৰি বিভিন্ন শিশু উপযোগী গ্ৰন্থ বিতৰণ কৰে। 

উপদেষ্টা দুলাল বৰাই ছাত্ৰ- ছাত্ৰীক বছেৰেকীয়া পৰীক্ষাৰ পাছত কিতাপসমূহ আদান প্ৰদান কৰি পঢ়িবলৈ পৰামৰ্শ আগবঢ়োৱাৰ লগতে জগত জয় কৰাৰ একমাত্ৰ পথ গ্ৰন্থ অন্বেষণ বুলি উল্লেখ কৰে। 

আনহাতে প্ৰায় ৯২ জন ছাত্ৰ -ছাত্ৰীয়ে শিক্ষাগ্ৰহণ কৰা অঞ্চলটোৰ একমাত্ৰ প্ৰাথমিক বিদ্যালয়খনত এজন সহকাৰী শিক্ষকৰ সৈতে বিদ্যালয়খনিৰ প্ৰধান শিক্ষক পুলিন চন্দ্ৰ ভট্টাচাৰ্যই অতি ত্যাগ স্বীকাৰ কৰি স্থানীয় দুগৰাকী শিক্ষিত মহিলাৰ সহায় লৈ অঞ্চলটোত শিক্ষাৰ পোহৰ বিলোৱা কামত নিজকে নিয়োজিত কৰিছে।
অৱশ্যে শিক্ষকৰ অভাৱৰ বিষয়ে আবেদন নিবেদন কৰা স্বত্বেও সংশ্লিষ্ট বিভাগৰ পৰা যথোপযুক্ত সঁহাৰি লাভ কৰা নাই বুলি প্ৰধানশিক্ষকগৰাকীয়ে আক্ষেপ প্ৰকাশ কৰে।

nagaon