ধুবুৰী জিলাৰ অংগনৱাদী কৰ্মীৰ মাজত মন্ত্ৰী ৰঞ্জিৎ কুমাৰ দাসৰ স্মাৰ্ট ফোন বিতৰন

অসম চৰকাৰৰ কেবিনেট মন্ত্ৰী তথা ধুবুৰী জিলাৰ অবিভাৱক মন্ত্ৰী ৰঞ্জিৎ কুমাৰ দাসে আজি ধুবুৰী জিলাৰ বিভিন্ন অংগনৱাদী কেন্দ্ৰত কাম কৰা অংগনৱাদী কৰ্মীসকলক স্মাৰ্ট ফোন বিতৰন কৰে।

author-image
Tushar Pratim
New Update
ধুবুৰী জিলাৰ অংগনৱাদী কৰ্মীৰ মাজত মন্ত্ৰী ৰঞ্জিৎ কুমাৰ দাসৰ স্মাৰ্ট ফোন বিতৰন

ডিজিটেল সংবাদ ধুবুৰীঃ  অসম চৰকাৰৰ কেবিনেট মন্ত্ৰী তথা ধুবুৰী জিলাৰ অবিভাৱক মন্ত্ৰী ৰঞ্জিৎ কুমাৰ দাসে আজি ধুবুৰী জিলাৰ বিভিন্ন অংগনৱাদী কেন্দ্ৰত কাম কৰা অংগনৱাদী কৰ্মীসকলক স্মাৰ্ট ফোন বিতৰন কৰে। উল্লেখ্য যে, ধুবুৰী জিলা পুথিভঁৰাল প্ৰেক্ষাগৃহত আজি অসম চৰকাৰৰ মহিলা আৰু শিশু উন্নয়ন বিভাগৰ উদ্যোগত আয়োজন কৰা হয় এক বিশেষ অনুষ্ঠান। 

Advertisment

এই অনুষ্ঠানতে মুখ্য অতিথি হিচাপে অংশগ্ৰহণ কৰি মন্ত্ৰী ৰঞ্জিৎ কুমাৰ দাসে ধুবুৰী জিলা সমাজ কল্যাণ বিভাগৰ অধীনস্থ ৮ টাকৈ সংহত শিশু উন্নয়ন প্ৰকল্পৰ মুঠ ২১৩৫ গৰাকী অংগনৱাদী কৰ্মীক অসম চৰকাৰৰ ফালৰ পৰা স্মাৰ্ট ফোন দিয়াৰ কথা সদৰী কৰিছে। আজি মন্ত্ৰীগৰাকীয়ে আনুষ্ঠানিক ভাৱে ১২ গৰাকীকৈ অংগনৱাদী কৰ্মীক স্মাৰ্ট ফোন প্ৰদান কৰি এই বিতৰন কাৰ্যসূচীৰ শুভাৰম্ভ কৰে। 

আজিৰ স্মাৰ্ট ফোন বিতৰণ কাৰ্যসূচীৰ অনুষ্ঠানত ধুবুৰী জিলাৰ আয়ুক্ত দিবাকৰ নাথ, ধুবুৰী পৌৰসভাৰ পৌৰপতি ডা: দেৱময় সান্নাল, জিলা বিজেপিৰ সভাপতি ৰঞ্জিৎ কুমাৰ ৰায়, ধুবুৰী জিলা পৰিষদৰ মুখ্য কাৰ্যবাহী বিষয়া গোকুল ব্ৰহ্ম, ধুবুৰী জিলা সমাজ কল্যাণ বিষয়া প্ৰণামিকা ফুকনৰ লগতে ভালেকেইগৰাকী প্ৰশাসনিক বিষয়া উপস্থিত থাকে।

মন্ত্ৰী ৰঞ্জিত কুমাৰ দাস