মুছলপুৰত আত্মনিয়োগ সংযুক্ত প্ৰশিক্ষণৰ সঁজুলি আৰু চিলাই মেচিন বিতৰণ

প্ৰশিক্ষণ গ্ৰহণ কৰা প্ৰশিক্ষাৰ্থীসকলৰ মাজত সঁজুলি কিট বিতৰণৰ উদ্দেশ্য বৃহস্পতিবাৰে বাক্সা জিলাৰ মুছলপুৰস্থিত মুছলপুৰ মহাবিদ্যালয় প্ৰেক্ষাগৃহত এক সঁজুলি কিট বিতৰণী সভা অনুষ্ঠিত হয়

author-image
Asomiya Pratidin
New Update
AP FOR WEB btr

ডিজিটেল সংবাদ, বাক্সা : বিটিআৰ চৰকাৰৰ দক্ষতা, নিয়োগ আৰু উদ্যোগীকৰণ বিকাশ অভিযানৰ অধীনত ২০২৪-২৫ বিত্তীয় বৰ্ষত অনুষ্ঠিত হৈছিল আত্মনিয়োগ সংযুক্ত অনাবাসিক প্ৰশিক্ষণ কাৰ্যসূচী । এই প্ৰশিক্ষণ গ্ৰহণ কৰা প্ৰশিক্ষাৰ্থীসকলৰ মাজত সঁজুলি কিট বিতৰণৰ উদ্দেশ্য বৃহস্পতিবাৰে বাক্সা জিলাৰ মুছলপুৰস্থিত মুছলপুৰ মহাবিদ্যালয় প্ৰেক্ষাগৃহত এক সঁজুলি কিট বিতৰণী সভা অনুষ্ঠিত হয় ।

Advertisment

এই সভাত  উপস্থিত থাকি বিটিচিৰ কাৰ্যবাহী সদস্য উইলছন হাছদাই কয় যে, বিটিআৰ প্ৰধান প্ৰমোদ বড়োৰ নেতৃত্বত নিৱনুৱা যুৱক-যুৱতী তথা মহিলাসকলৰ বাবে দক্ষতা বিকাশ প্ৰশিক্ষণৰ জৰিয়তে স্বাৱলম্বী হোৱাৰ পথ প্ৰশস্ত হৈছে । ইলেক্ট্ৰিচিয়ান, প্লাম্বাৰ, ট্ৰেইলৰিং ইত্যাদিৰ প্ৰশিক্ষণ ইতিমধ্যে দিয়া হৈছে বুলি মন্তব্য কৰি কাৰ্যবাহী সদস্য গৰাকীয়ে পূৰ্বে প্ৰশিক্ষণপ্ৰাপ্ত সকলক আজি চাৰ্টিফিকেট আৰু চিলাই মেচিনৰ লগতে সঁজুলি কিট বিতৰণ কৰা বুলি জানিবলৈ দিয়ে ।

ইফালে কাৰ্যবাহী সদস্য ৰাকেশ ব্ৰহ্মই যুৱক-যুৱতী সকলক স্বাৱলম্বী কৰাৰ ক্ষেত্ৰত বিটিআৰ চৰকাৰে বিভিন্ন আঁচনি প্ৰণয়ণ কৰা বুলি মন্তব্য কৰে ।

baksa