দুই শতাধিক  কৃষকৰ মাজত মাকৈ, ঘেহু, মচুৰ মাহৰ বীজ বিতৰণ...

দুই শতাধিক  কৃষকৰ মাজত মাকৈ, ঘেহু, মচুৰ মাহৰ বীজ বিতৰণ
দুই শতাধিক  কৃষকৰ মাজত মাকৈ, ঘেহু, মচুৰ মাহৰ বীজ বিতৰণ

ডিজিটেল ডেস্ক মায়ংঃ সমগ্ৰ ৰাজ্য জুৰি উদযাপন কৰা লাচিত দিৱসৰ লগত সংগতি ৰাখি মৰিগাঁও জিলাৰ মায়ঙৰ কৰতিপাম গৰৈমাৰী এফ পি চিৰ অন্তৰ্ভুক্ত দুই শতাধিক  কৃষকৰ মাজত আজি মৰিগাঁও জিলাৰ কৃষি বিভাগে বিনামূলীয়াকৈ ঘেঁহু, মচুৰ মাহ আৰু মাকৈৰ বীজ বিতৰণ কৰে। মৰিগাঁও জিলা প্ৰশাসনৰ উদ্যোগত জিলা কৃষি বিভাগৰ সহযোগত গৰৈমাৰী এফ পি চি কাৰ্যালয়ৰ সভা গৃহত এফ পি চিৰ চেয়াৰমেন ছাদিকুল ইছলামৰ  সঞ্চালনাত অনুষ্ঠিত বীজ বিতৰণ কাৰ্যসূচীত উপস্থিত থাকি ভাষণ আগবঢ়াই ৰজা মায়ঙৰ কৃষি উন্নয়ন বিষয়া মেহডি আৰিফ হুছেইন, সাংবাদিক নজৰুল ইছলাম, কৃষি সম্প্ৰসাৰণ বিষয়া প্ৰণয় নাহাই।

উল্লেখযোগ্য যে কৰতিপাম গৰৈমাৰী এফ পি চিৰ অন্তৰ্ভুক্ত সহস্ৰাধিক কৃষকে বিগত এটা বছৰত কৃষি বিভাগৰ সহযোগত বিভিন্ন ধৰনৰ কৃষি কাৰ্য্য কৰি লাভাম্বিত হোৱাও পৰিলক্ষিত হয়।

Related Stories

No stories found.
X
Code:
logo
Asomiya Pratidin
www.asomiyapratidin.in