ধুবুৰীত ‘প্ৰজ্ঞা ভাৰতী আঁচনি’ৰ অধীনত স্কুটি, চাইকেল আৰু চেক বিতৰণ

ধুবুৰীত মন্ত্ৰী অতুল বৰাৰ উপস্থিতিত বুধবাৰে মেধাৱী ছাত্ৰ- ছাত্ৰীক প্ৰজ্ঞা ভাৰতী আঁচনিৰ অধীনত স্কুটি, চাইকেল আৰু ১২৫০০ টকাৰ চেক প্ৰদান কৰা হয়। হাইস্কুল শিক্ষান্ত পৰীক্ষাত ৭৫ শতাংশত কৈ অধিক নম্বৰ লাভ কৰা ধুবুৰী জিলাৰ ৮৭২ গৰাকী ছাত্ৰ ছাত্ৰীক আনন্দৰাম বৰুৱা বঁটা প্ৰদান কৰে মন্ত্ৰী অতুল বৰাই

author-image
Asomiya Pratidin
New Update
SZGf

ডিজিটেল সংবাদ, ধুবুৰী : ধুবুৰীত মন্ত্ৰী অতুল বৰাৰ উপস্থিতিত বুধবাৰে মেধাৱী ছাত্ৰ- ছাত্ৰীক প্ৰজ্ঞা ভাৰতী আঁচনিৰ অধীনত স্কুটি, চাইকেল আৰু ১২৫০০ টকাৰ চেক প্ৰদান কৰা হয়। হাইস্কুল শিক্ষান্ত পৰীক্ষাত ৭৫ শতাংশত কৈ অধিক নম্বৰ লাভ কৰা ধুবুৰী জিলাৰ ৮৭২ গৰাকী ছাত্ৰ ছাত্ৰীক আনন্দৰাম বৰুৱা বঁটা প্ৰদান কৰে মন্ত্ৰী অতুল বৰাই।

xgasg

একেদৰে ১২,৫০০ টকাৰ এককালীন সাহায্য হিচাপে চেক প্ৰদান কৰে মন্ত্ৰীগৰাকীয়ে। উল্লেখযোগ্য যে নৱম শ্ৰেণীৰ ২০,৯২৮  গৰাকী ছাত্ৰ- ছাত্ৰীৰ মাজত চাইকেল বিতৰণ কৰা হয় এই অনুষ্ঠানতে। ইয়াৰ উপৰি প্ৰজ্ঞা ভাৰতী আঁচনিৰ অধীনত উচ্চতৰ মাধ্যমিক পৰীক্ষাত ৭৫ শতাংশত কৈ অধিক নম্বৰ লাভ কৰা ধুবুৰী জিলাৰ ১১,০৯৭ গৰাকী ছাত্ৰ- ছাত্ৰীক স্কুটি প্ৰদান কৰা হয়।

dshg

অনুষ্ঠানৰ অন্তত মন্ত্ৰীগৰাকীয়ে কয় ধুবুৰী জিলাৰ সৈতে লাগি থকা ভাৰত-বাংলা সীমা অতি সোনকালে ছীল হ'ব। সকলো প্ৰক্ৰিয়া ক্ষিপ্রতাৰে চলি আছে। কৃষি বিভাগত খালী হৈ থকা এ ডি অ’ৰ পদ সোনকালে পূৰণ হ'ব বুলি তেঁও কয়।

dhuburi ATUL BORA