কোকৰাঝাৰত স্নাতকোত্তৰ শিক্ষক আৰু চতুৰ্থ বৰ্গৰ কৰ্মচাৰী নিযুক্তি পত্ৰ বিতৰণ...

বি টি আৰত নিৰ্মাণ কৰা হ'ব ১০ টা চিনেমাহল..

author-image
Asomiya Pratidin
New Update
কোকৰাঝাৰত স্নাতকোত্তৰ শিক্ষক আৰু চতুৰ্থ বৰ্গৰ কৰ্মচাৰী নিযুক্তি পত্ৰ বিতৰণ...

btr

ডিজিটেল সংবাদ কোকৰাঝাৰঃ কোকৰাঝাৰ বিটিচি সচিবালয়ৰ প্ৰেক্ষাগৃহত আজি শিক্ষাবিভাগত ১২৪ জন চতুৰ্থ বৰ্গৰ কৰ্মচাৰী আৰু ২৩ গৰাকী স্নাতকত্তোৰ শিক্ষকক আনুষ্ঠানিকভাৱে নিযুক্তি প্ৰত্ৰ প্ৰদান কৰে বিটিচিৰ মুখ্য কাৰ্যবাহী প্ৰমোদ বড়োৱে । বিটিচি সচিবালয়ৰ প্ৰেক্ষাগৃহত অনুষ্ঠিত হোৱা এক আড়ম্বৰপূৰ্ণ অনুষ্ঠানত বিটিচিৰ মুখ্য কাৰ্যবাহী প্ৰমোদ বড়োৱে উক্ত নিযুক্তিপত্ৰসমূহ আনুষ্ঠানিকভাৱে বিতৰণ কৰি চৰকাৰে ছাত্ৰ-ছাত্ৰীসকলৰ অভাৱ পূৰণ কৰিবলৈ যৎপৰোনাস্তি প্ৰচেষ্ঠা গ্ৰহণ কৰা হ'ব বুলি সদৰি কৰে ।

Advertisment

যদিও আজি ২৩ গৰাকী স্নাতকত্তোৰ শিক্ষকক (পি জি টি) নিযুক্তি দিয়া হৈছে তৎসত্বেও এতিয়াও প্ৰায় ৬০ টা পি জি টিৰ পদ উপযুক্ত প্ৰাৰ্থীৰ সহায়ত খালী হৈ আছে আৰু সেয়া অতিশীঘ্ৰে পুনৰাই বিজ্ঞাপন দিয়া হ'ব বুলি সদৰি কৰিছে । বহু বিদ্যালয়ত এজনীয়া শিক্ষকে ১০০ -১৫০ জন ছাত্ৰ-ছাত্ৰীক পঢ়ুৱাব লগা হৈছে যিটো সম্ভৱ নহয় আৰু সেয়ে অতি শীঘ্ৰে এজনীয়া শিক্ষক থকা বিদ্যালয়সমূহত কমেও দুজন কৰা হ'ব বুলি সদৰী কৰিছে ।

যি সমূহ বিদ্যালয়ত ছাত্ৰ -ছাত্ৰী অনুপাতে অধিক সংখ্যক শিক্ষক -শিক্ষয়িত্ৰী আছে তেনে বিদ্যালয়ৰ পৰা শিক্ষক -শিক্ষয়িত্ৰীসমূহক এজনীয়া শিক্ষক -শিক্ষয়িত্ৰী থকা বিদ্যালয়লৈ বদলি কৰা হ'ব । উক্ত প্ৰক্ৰিয়া অহা সপ্তাহৰ পৰা আৰম্ভ হ'ব আৰু এইক্ষেত্ৰত সকলো শিক্ষক -শিক্ষয়িত্ৰীক সহযোগ কৰিবলৈ আহ্বান জনাইছে প্ৰমোদ বড়োৱে ।

তদুপৰি অতি শীঘ্ৰে বিশেষ টেট অনুষ্ঠিত কৰা , টেট শিক্ষকৰ নিযুক্তি সন্দৰ্ভতো সিদ্ধান্ত লোৱা হ'ব বুলি মন্তব্য কৰিছে প্ৰমোদ বড়োৱে । ইপিনে বি টি আৰত সাংস্কৃতিক ক্ষেত্ৰখনৰ উন্নতিকল্পে চলিত বৰ্ষতে ২০০ আসনবিশিষ্ট ৫ টা অত্যাধুনিক চিনেমাহল নিৰ্মান কৰা হ'ব আৰু অহা বৰ্ষত আন পাঁচটা চিনেমাহল নিৰ্মান কৰা হ'ব বুলি ঘোষণা কৰে।

আনহাতে পৰ্বতঝোৰা সমষ্টিৰ এম চি এল এ তথা হাগ্ৰামা মহিলাৰীৰ খুলশালী মুনমুন ব্ৰহ্মই দিয়া বি টি আৰ চৰকাৰৰ ব্যৰ্থতাৰ অভিযোগৰ প্ৰত্যুত্তৰত প্ৰমোদ বড়োই মুনমুন ব্ৰহ্মক কঠোৰ সমালোচনা কৰে । ১৭ বছৰ শাসনত থাকি ২৯০০ কোটিৰ ঋণ এৰি যোৱা হাগ্ৰামা মহিলাৰীৰ দিনত পৰ্বতঝোৰা সমষ্টিৰে একো উন্নয়ন হোৱা নাছিল বুলি উল্লেখ কৰি প্ৰমোদ বড়োৱে কয় যে, মুনমুন ব্ৰহ্মই সদনৰ বাহিৰে ভিতৰে দেখুওৱা ভূমিকা অত্যন্ত নিৰাশাজনক আৰু জনপ্ৰতিনিধি হিচাপে গৰিহণাৰ যোগ্য ।

নিজৰ সমষ্টিৰ বাবে কাম কৰিবলৈ মুনমুন ব্ৰহ্মক আহ্বান জনাই প্ৰমোদ বড়োৱে কয় যে, যোৱা চৰকাৰৰ আমোলত সংঘটিত হোৱা দুৰ্নীতি কেগে ইতিমধ্যে উদঙাই দিছে । উল্লেখ্য যে, আজিৰ অনুষ্ঠানত বি টি চিৰ বিধান পৰিষদৰ অধ্যক্ষ কাতিৰাম বড়ো,বিধায়ক জয়ন্ত বসুমতাৰী,বিটিচিৰ কাৰ্যবাহী ৰেওৰেৱা নাৰ্জীহাৰী,শিক্ষা সঞ্চালক জগদীশ প্ৰসাদ ব্ৰহ্ম, বিভিন্ন শিক্ষাখণ্ডৰ শিক্ষা বিষয়াসকলৰ লগতে আন বহুতো বিশিষ্ট অতিথিয়ে অংশগ্ৰহণ কৰে ।

btr pramod boro