মায়ঙৰ সোনতলি এফ পি চিৰ কৃষকৰ মাজত মাকৈৰ বীজ বিতৰণ...

ভালেকেইজন আদৰ্শবান কৃষকক সোনতলি এফ পি চি ৰ তৰফৰ পৰা সম্বৰ্ধনা জ্ঞাপন কৰে

author-image
Asomiya Pratidin
New Update
মায়ঙৰ সোনতলি এফ পি চিৰ কৃষকৰ মাজত মাকৈৰ বীজ বিতৰণ...

কৃষকৰ মাজত মাকৈৰ বীজ বিতৰণ

ডিজিটেল ডেস্ক,মায়ংঃ মায়ঙৰ সোনতলি এফ পি চিৰ কৃষকৰ মাজত মাকৈৰ বীজ বিতৰণ। লাচিত দিৱসৰ লগত সংগতি ৰাখি মৰিগাঁও জিলাৰ মায়ঙৰ সোনতলি এফ পি চি ৰ অন্তৰ্ভুক্ত এক হাজাৰ গৰাকী কৃষকৰ মাজত সোমবাৰে মৰিগাঁও জিলাৰ কৃষি বিভাগে বিনামূলীয়াকৈ মাকৈৰ বীজ বিতৰণ কৰে।

Advertisment

মৰিগাঁও জিলা প্ৰশাসনৰ উদ্যোগত জিলা কৃষি বিভাগৰ সহযোগত মায়ং আঞ্চলিক ক্ৰীড়া সন্থাৰ কাৰ্যালয়ৰ সভা গৃহত সোনতলি এফ পি চিৰ সঞ্চালক লক্ষণ শইকীয়াৰ সঞ্চালনাত অনুষ্ঠিত হয় বীজ বিতৰণ কাৰ্যসূচী। উক্ত কাৰ্যসূচীত উপস্থিত থাকি ভাষণ আগবঢ়াই জিলাৰ মহকুমা কৃষি বিষয়া অশোক শৰ্মা, কৃষি  বিষয়া দিব্যজ্যোতি হাজৰিকা,ৰজা মায়ঙৰ কৃষি উন্নয়ন বিষয়া মেহডি আৰিফ হুছেইন, সাংবাদিক নজৰুল ইছলাম, কৃষি সম্প্ৰসাৰণ বিষয়া প্ৰণয় নাহাই।

বীজ বিতৰণ কাৰ্যসূচীত ৰজা মায়ঙৰ সোনতলি এফ পি চি কৃষক সকল উপস্থিত থাকে।মাকৈৰ বীজ বিতৰণ কৰাৰ লগতে ৫ জন কৃষকৰ মাজত খেতি পথাৰত ব্যৱহাৰ কৰিবলৈ একোটাকৈ ৰাজ সাহাৰ্য যুক্ত"স্প্ৰিং কিলাৰ" বিতৰণ কৰে।

আদৰ্শৱান কৃষকৰ একাংশ
আদৰ্শৱান কৃষকৰ একাংশ

উল্লেখযোগ্য যে, সোনতলি এফ পি চিৰ অন্তৰ্ভুক্ত সহস্ৰাধিক কৃষকে বিগত এটা বছৰত কৃষি বিভাগৰ সহযোগত বিভিন্ন ধৰনৰ কৃষি কাৰ্য্য কৰি লাভাম্বিত হোৱা বুলি জানিবলৈ দিয়ে। সভাত ভালেকেইজন আদৰ্শৱান কৃষকক সোনতলি এফ পি চি ৰ তৰফৰ পৰা সম্বৰ্ধনা জ্ঞাপন কৰে।

আৰু পঢ়কঃ ফুটবল অনুৰাগীৰ ওচৰত ক্ষমা খুজিলে আম্বানীৰ প্ৰতিষ্ঠানে...

assam MAYANG farmer