/asomiyapratidin/media/media_files/2025/04/02/ERJGiyDr0d8anmdenv9w.jpg)
ডিজিটেল সংবাদ, মঙলদৈ : মঙলদৈত বুধবাৰে একেদিনাই প্ৰায় ২৫০ আঁচনিৰ অনুমোদন পত্ৰ বিতৰণ কৰে বিধায়ক বসন্ত দাসে। উল্লেখযোগ্য যে অসম দৰ্শন আঁচনিৰ অধীনত মঙলদৈ বিধানসভা সমষ্টিত ২০০ ৰো অধিক নামঘৰ আৰু ধৰ্মীয় উপাসনা গৃহলৈ প্ৰথম কিস্তিৰ ধন ১.৫ লাখ টকাকৈ প্ৰদান কৰে।
লগতে বিধায়ক সমষ্টি উন্নয়ন পুঁজিৰ পৰা বিভিন্ন এলেকাত ৪১ টা আঁচনি ধনৰ অনুমোদন পত্ৰ বিতৰণ কৰে। একেদৰে মুখ্যমন্ত্ৰী আচুতীয়া পুঁজিৰ অনুদান আদিৰ পত্ৰ প্ৰদান কৰে।
মঙলদৈ সনাতন ধৰ্ম সভাৰ সভাকক্ষত অনুষ্ঠিত এই অনুমোদন পত্ৰ বিতৰণ কাৰ্য্যসূচীত মঙলদৈ সমষ্টিৰ প্ৰাক্তন বিধায়ক তথা অসম মীন উন্নয়ন নিগমৰ অধ্যক্ষ গুৰুজ্যোতি দাস, অসম মহিলা আয়োগৰ উপাধ্যক্ষা নিলীমা দেৱী, মঙলদৈ পৌৰসভাৰ পৌৰপতি নিৰ্মালী দেৱী শৰ্মা, খাৰুপেটীয়া পৌৰসভাৰ পৌৰপতি কৃষ্ণা সাহা, মঙলদৈ নগৰ উন্নয়ন প্ৰাধিকৰণৰ অধ্যক্ষ প্ৰতাপ বৰদলৈ, সমাজকৰ্মীদ্বয় মকুন্দ ডেকা, অমৰেন্দ্ৰ শৰ্মা সমন্বিতে কেইবাগৰাকীও বিশিষ্ট ব্যক্তি আৰু মন্দিৰ পৰিচালনা সমিতিৰ বিষয়ববীয়াসকল উপস্থিত থাকে।