'নিমিষা কিটচেন'ৰ উদ্যোগত আৰু গহপুৰ মহকুমা সাংবাদিক সন্থাৰ সহযোগত বান সাহায্য বিতৰণ..

'নিমিষা কিটচেন'ৰ উদ্যোগত আৰু গহপুৰ মহকুমা সাংবাদিক সন্থাৰ সহযোগত বান সাহায্য বিতৰণ..

author-image
Asomiya Pratidin
New Update
'নিমিষা কিটচেন'ৰ উদ্যোগত আৰু গহপুৰ মহকুমা সাংবাদিক সন্থাৰ সহযোগত বান সাহায্য বিতৰণ..

ডিজিটেল সংবাদ, ছয়দুৱাৰঃ মানৱীয় প্ৰমুল্যবোধ আৰু সামাজিক দায়বদ্ধতা ডাঙি ধৰিছে গহপুৰৰ খাদ্য সম্ভাৰৰ অন্যতম জনপ্ৰিয় প্ৰতিষ্ঠান "নিমিষা কিটচেন" আৰু গহপুৰ মহকুমা সাংবাদিক সন্থা(আজু)ই। বান ক্ষতিগ্ৰস্ত একাংশ ৰাইজৰ মাজত বান সাহাৰ্য্য বিতৰণ কৰি দুৰ্গত ৰাইজৰ দুখৰ সমভাগী হোৱা "নিমিষা কিটচেন"ৰ পৰিয়ালবৰ্গ আৰু গহপুৰ মহকুমা সাংবাদিক সন্থাই বৃহস্পতিবাৰে প্ৰায় ৭৫ টা বৰ্ণাত্য পৰিয়ালৰ মাজত চাউল, দালি,মিঠাতেল, আলু,পিয়াজ, নিমখ,চয়াবিনকে ধৰি বিভিন্ন খাদ্য সামগ্ৰী বিতৰণ কৰে।

Advertisment

গহপুৰ মহকুমাৰ দক্ষিণাঞ্চলৰ হেলেম ৰাজহ চক্ৰৰ অন্তৰ্গত ডেলহাউচি কৈৰ্বত্য গাঁৱৰ প্ৰায় ৭৫ টা পৰিয়ালৰ মাজত এই বান সাহাৰ্য্য বিতৰণ কৰাৰ কাৰ্য্যসূচীত সহযোগিতা আগবঢ়াই সদৌ অসম অনুসূচিত জাতি ছাত্র সন্থাৰ কেন্দ্ৰীয় প্ৰচাৰ সম্পাদক মিলন দাসে।

নিমিষা কিটচেনৰ উদ্যোগত আৰু গহপুৰ মহকুমা সাংবাদিক সন্থাৰ সহযোগত ৰূপায়ণ কৰা এই বান সাহাৰ্য্য বিতৰণ কৰা কাৰ্য্যসূচীত গহপুৰ মহকুমা সাংবাদিক সন্থাৰ মুখ্য উপদেষ্টা ভুৱন শইকীয়া, উপদেষ্টা ভাস্কৰ জ্যোতি ভূঞা, কাৰ্য্যকৰী সভাপতি ৰমেন বৰা,উপ সভাপতি দীপন দিহিংগীয়া,সাধাৰণ সম্পাদক বিপ্লৱ নেওগ, সাংগঠনিক সম্পাদক উৎপল নেওগ আৰু পত্ৰিকা ও সাংস্কৃতিক সম্পাদক প্ৰণৱজ্যোতি শইকীয়া উপস্থিত থাকে।

নিমিষা কিটচেন আৰু গহপুৰ মহকুমা সাংবাদিক সন্থা(আজু)ৰ এই মৰম, আন্তৰিকতা আৰু সামাজিক দায়বদ্ধতাক শলাগ লৈছে ডেলহাউচি কৈৰ্বত্য গাঁৱৰ ৰাইজে।

গহপুৰ মহকুমা সাংবাদিক সন্থা