/asomiyapratidin/media/media_files/2025/08/12/83-2025-08-12-23-27-10.jpg)
ডিজিটেল সংবাদ ,ধেমাজি : মিছিং স্বায়ত্ত্বশাসিত পৰিষদে ২০২০ বৰ্ষৰ পৰাই আৰম্ভ কৰিছে জীৱন জীৱিকা অভিযানৰ। এই অভিযানৰ জৰিয়তে পশুপালন,মীন আৰু উদ্যান শস্যৰ লগত জড়িত অভিজ্ঞতা সম্পন্ন লোকসকলক অনুদান প্ৰদান কৰি আহিছে।
ইতিমধ্যে বিভিন্ন শিতানত এতিয়ালৈকে পৰিষদৰ সহযোগত বিগত ২০১৩ বৰ্ষৰ পৰা ৬৪৭৩ গৰাকী লোকক প্ৰশিক্ষণ প্ৰদান কৰা হৈছে ৷ সেই অনুসৰি সোমবাৰে গোগামুখৰ আবুতানি ক্ষেত্ৰৰ সভাগৃহত ২০২৪-২৫ বৰ্ষৰ বাবে ৭১০ গৰাকী হিতাধিকাৰীলৈ আনুষ্ঠানিকভাৱে আৰ্থিক অনুদান পত্ৰ বিতৰণ কৰা হয় ৷
এই সভাত উপস্থিত থাকে মিছিং স্বায়ত্ত্বশাসিত পৰিষদৰ মুখ্য কাৰ্যবাহী সদস্য পৰমানন্দ চায়েঙীয়া,অধ্যক্ষ সুনীল পেগু, অধ্যক্ষ সচিব যাদৱ পেগুৰ লগতে পৰিষদৰ কাৰ্যবাহী সদস্য, সাধাৰণ সদস্যসকল ৷ ইফালে মিছিং স্বায়ত্বশাসিত পৰিষদে গ্ৰহন কৰা অভিযানৰ জৰিয়তে বহু লোকক ইতিমধ্যে স্বাৱলম্বী হোৱাৰ পথ মুকলি কৰিছে বুলি উদ্যোক্তাসকলে জানিবলৈ দিয়ে ৷