চিৰাঙত অসম মাইক্ৰ'ফাইনেন্স উদ্গনি আৰু সকাঁহ আঁচনিৰ অধীনত চেক বিতৰণ...

author-image
Asomiya Pratidin
New Update
চিৰাঙত অসম মাইক্ৰ'ফাইনেন্স উদ্গনি আৰু সকাঁহ আঁচনিৰ অধীনত চেক বিতৰণ...

chirang

ডিজিটেল সংবাদ চিৰাংঃ সমগ্ৰ ৰাজ্যৰ লগতে চিৰাং জিলাতো অসম চৰকাৰৰ বিত্ত বিভাগৰ দ্বিতীয় পৰ্যায়ৰ 'অসম মাইক্ৰ'ফাইনেন্স উদ্গনি আৰু সকাঁহ আঁচনি-২০২১' ৰ অধীনত হিতাধিকাৰীৰ মাজত চেক্ বিতৰণ কৰা হয় ।কাজলগাঁৱৰ পেৰেড গ্ৰাউণ্ডত জিলা প্ৰশাসনৰ উদ্যোগত আৰু অসম চৰকাৰৰ বিত্ত বিভাগৰ সহযোগত আয়োজিত 'অসম মাইক্ৰ'ফাইনেন্স উদ্গনি আৰু সকাঁহ আঁচনি-২০২১' ৰ দ্বিতীয় পৰ্যায়ৰ চেক্ প্ৰদান অনুষ্ঠানত মুখ্য অতিথি ৰূপে উপস্থিত থাকে ৰাজ্যৰ হস্ততাঁত আৰু বস্ত্ৰশিল্প, ভূমিসংৰক্ষন তথা জিলাৰ অভিভাৱক মন্ত্ৰী উৰ্খাও গৌৰা ব্ৰহ্ম।

Advertisment

দ্বিতীয় পৰ্যায়ৰ জিলাখনৰ ৯৬৩ গৰাকী মহিলা হিতাধিকাৰীৰ মাজত আজি ৫০০ গৰাকী হিতাধিকাৰীক আনুষ্ঠানিক ভাবে চেক্ প্ৰদান কৰা হ'ব । আজিৰ এই অনুষ্ঠানত আমন্ত্ৰিত অতিথি হিচাপে উপস্থিত থাকে ৰাজ্যসভাৰ সাংসদ ৰৌণগৌৰা নাৰ্জাৰী, বিজনী বিধানসভা সমষ্টিৰ বিধায়ক অজয় কুমাৰ ৰায়সহ জিলা উপায়ুক্ত পি বিজয় ভাস্কৰ ৰেড্ডীসহ অন্যান্য বিষয়ববীয়া ।

assam chirang