/asomiyapratidin/media/media_files/2025/01/09/NMSe9aab12Iz9Hz7y1Gu.jpg)
ডিজিটেল সংবাদ,বেবেজীয়াঃ নগাঁও জিলাৰ বেবেজীয়াৰ সমীপৰ ডিমৌ চাৰিআলিত বুধবাৰে ৰহা বিধানসভা সমষ্টিৰ বিভিন্ন প্ৰান্তৰ ৭৫ গৰাকী ৰোগাক্ৰান্ত ব্যক্তিক মুখ্যমন্ত্ৰী আৰোগ্য নিধিৰ অধীনত চেক্ বিতৰণ কৰা হয়।
তদুপলক্ষে ৰহাৰ বিধায়ক শশীকান্ত দাসৰ ডিমৌ চাৰিআলিস্থিত বাসগৃহত আয়োজিত এক অনুষ্ঠানত সমষ্টিৰ হিতাধিকাৰী সকলক ২০ হাজাৰকৈ টকাৰ চেক্ বিতৰণ কৰা হয়। হিতাধীকাৰীসকলক চেক বিতৰণ কৰি বিধায়ক শশীকান্ত দাসে কয় যে, মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাৰ বদান্যতাৰ বাবে ৰোগাক্ৰান্ত লোকসকলে এই মুখ্যমন্ত্ৰী আৰোগ্য নিধি আঁচনিৰ দ্বাৰা কিছু আৰ্থিক সকাহ লাভ কৰিছে।
উক্ত অনুষ্ঠানটিত ভাৰতীয় জনতা পাৰ্টীৰ নগাঁও জিলাৰ উপ সভাপতি সুবৰ্ণ সিং,বিশিষ্ট সমাজকৰ্মী জনাৰ্দন শইকিয়া,সঞ্জীৱ বৰদলৈকে প্ৰমুখ্য কৰি বিজেপিৰ নেতা-কৰ্মী আৰু হিতাধিকাৰীসকলৰ পৰিয়ালবৰ্গ উপস্থিত থাকে।
উল্লেখ্য যে ৰোগাগ্ৰস্ত দৰিদ্ৰ সাধাৰণ শ্ৰেণীৰ মাজত মুখ্যমন্ত্ৰীৰ এই আৰোগ্য নিধি আঁচনিৰ আৰ্থিক সাহাৰ্য এক সকাহ হিচাপে পৰিগণিত হৈছে।